অসম কুইজ Assam Quiz


১/ অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকা। (২০০৯ চন)

২/ আম্বেদকাৰ বঁটা অসমৰ কোনগৰাকী অভিনেত্ৰীক প্ৰদান কৰা হৈছিল?

উত্তৰ:- চেতনা দাস।

৩/ অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসৰ নাম কি আছিল?

উত্তৰ:- মিৰিজীয়ৰী। ("মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস)

৪/ দেওহাঁহ অসমৰ কোনকেইখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়?

উত্তৰ:- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

৫/ কিমান চনত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল?

উত্তৰ:- ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়।

৬/ মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল?

উত্তৰ:- চন্দ্ৰকান্ত সিংহ।

৭/ কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ:- মহাৰাজ নৰনাৰায়ণে।

৮/ কোনখন ঠাই পক্ষীৰ অদ্ভূত আত্মহননৰ বাবে বিখ্যাত?

উত্তৰ:- জাতিংগা।

৯/ ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি?

উত্তৰ:- পিয়লি ফুকন।

১০/ অসমৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?

উত্তৰ:- মাজুলী।

১১/ ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল?

উত্তৰ:- ১৯০১ চনত। (১১ ডিচেম্বৰ)

১২/ পাইক প্ৰথা কোনজন ৰজাই আৰম্ভ কৰিছিল?

উত্তৰ:- প্ৰতাপ সিংহই।

১৩/ অসমৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।

১৪/ অসমৰ প্ৰাকৃতিক অঞ্চলকেইটা?

উত্তৰ:- তিনিটা।

১৫/ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?

উত্তৰ:- আহোম আৰু মোগলৰ মাজত।

১৬/ অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়?

উত্তৰ:- শুৱালকুছি।

১৭/ অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ:- বিহু।

১৮/ 'গড়গঞা' ৰজা কাক আখ্যা দিয়া হয়?

উত্তৰ:- স্বৰ্গদেউ চুক্লেংমুঙক।

১৯/ বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল?

উত্তৰ:- প্ৰতাপ সিংহই।

২০/ শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰ:- ১৬৭১ চনত।

২১/ কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?

উত্তৰ:- ১৯৪৩ চনৰ ১৫ জুনত।

২২/ প্ৰথম অসমীয়া নাট্যকাৰ কোন আছিল?

উত্তৰ:- ব্ৰজনাথ শৰ্মা।

২৩/ অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰ:- গুৱাহাটী বিশ্ববিদ্যালয়।

২৪/ সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

উত্তৰ:- ইয়াৰুইঙ্গম।

২৫/ অসমীয়া নাট্য-সাহিত্যৰ জনক কোন?

উত্তৰ:- শংকৰদেৱ।

২৬/ অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ১২৬ খন।

২৭/ ড° বাণীকান্ত কাকতিয়ে বৰগীতক কি বুলি আখ্যা দিছে?

উত্তৰ:- Noble numbers.

২৮/ অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে?

উত্তৰ:- বোকাজান।

২৯/ অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?

উত্তৰ:- চাবুৱা।

৩০/ অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ।

৩১/ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ:- গদাধৰ সিংহই।

৩২/ অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?

উত্তৰ:- ১৯৪৮ চনত।

৩৩/ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ:- বিজয় চৌধুৰী।

৩৪/ অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰ:- ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

৩৫/ ডিগবৈৰ তৈলক্ষেত্ৰ কেতিয়া আৱিষ্কাৰ হয়?

উত্তৰ:- ১৮৭৯ চনত।

৩৬/ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ:- ১৯৮৫ চনৰ ১৫ আগষ্টত।

৩৭/ অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰ:- ১৯৮৫ চনত।

৩৮/ অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল?

উত্তৰ:- কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক।

৩৯/ কোনজন ৰজাই শিৱসাগৰৰ কাৰেং ঘৰটো পুনৰ নিৰ্মাণ কৰাইছিল?

উত্তৰ:- ৰাজেশ্বৰ সিংহই।


৪০/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰ:- গোলাঘাট জিলাত।

৪১/ আজান পীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰ:- শিৱসাগৰ।

৪২/ কিমান চনত ভূপেন হাজৰিকাক 'দাদা চাহেব ফাল্কে' বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- ১৯৯২ চনত।

৪৩/ কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহ‌ই।

৪৪/ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষিজীৱী?

উত্তৰ:- ৭০ শতাংশ।

৪৫/ অসমৰ তৈল নগৰ হিচাপে কোনখন চহৰক জনা যায়?

উত্তৰ:- ডিগবৈ।

৪৬/ এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন?

উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

৪৭/ অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?

উত্তৰ:- হলিৰাম ডেকা।

৪৮/ অসমৰ পাহাৰীয়া জিলা দুখন কি কি?

উত্তৰ:- কাৰ্বি আংলং, উত্তৰ কাছাৰ।

৪৯/ অসমৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি?

উত্তৰ:- উমানন্দ।

৫০/ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?


৫১/ অসমৰ দীৰ্ঘতম দলংখনৰ নাম কি?

উত্তৰ:- ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া দলং)। দৈৰ্ঘ্য- ৯.১৫ কিলোমিটাৰ।

৫২/ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ:- কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে।

৫৩/ অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে গ্ৰহণ কৰিছিল?

উত্তৰ:- মণিৰাম দেৱানে।

৫৪/ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি?

উত্তৰ:- গুৱাহাটী মহানগৰ।

৫৫/ অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে?

উত্তৰ:- স্বৰ্গদেউ গদাধৰ সিংহই।

৫৬/ চামেলি মেমচাব কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন?

উত্তৰ:- ভূপেন হাজৰিকা।

৫৭/ অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল?

উত্তৰ:- ১৮১৭ চনত। (১৮১৭ চনৰ ২৭ মাৰ্চত ঘিলাধাৰীত আহোম আৰু মানৰ প্ৰথম যুঁজ লাগে)

৫৮/ কিমান চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?

উত্তৰ:- ১৯৪২ চনত।

৫৯/ কোন তাৰিখে সত্ৰীয়া নৃত্য‌ই স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২০০০ চনৰ ১৫ নৱেম্বৰত।

৬০/ অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়?

উত্তৰ:- হাফলং।

৬১/ কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?

উত্তৰ:- মংগোলীয়।

৬২/ পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

উত্তৰ:- হাজো।

৬৩/ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰ:- ৮ খন।

৬৪/ আহোমৰ মুদ্ৰাবোৰৰ আকাৰ কি আছিল?

উত্তৰ:- আঠ চুকীয়া।

৬৫/ ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপিত হয়?

উত্তৰ:- ১৭ অক্টোবৰত।

৬৬/ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰাজেশ্বৰ সিংহই।

৬৭/ ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?

উত্তৰ:- ৫৫ শতাংশ।

৬৮/ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ:- মহম্মদ চালেহ আকবৰ হাইদৰী।

৬৯/ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?

উত্তৰ- মালিগাঁৱত।

৭০/ কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

উত্তৰ:- নিপ বৰুৱাই।

৭১/ অসমৰ ৰাজ্যিক (জাতীয়) পক্ষী কি?

উত্তৰ:- দেওহাঁহ।

৭২/ ৰংঘৰ কোনে সজাইছিল?

উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহই (১৭৪৬ চনত)।

৭৩/ নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল?

উত্তৰ:- চিলাৰায়।

৭৪/ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন আছিল?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

৭৫/ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।

৭৬/ প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?

উত্তৰ:- ৰাম-নৱমী।

৭৭/ অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- প্ৰহ্লাদ চৰিত।

৭৮/ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি?

উত্তৰ:- শৰাইঘাট দলং।

৭৯/ 'কীৰ্তন-ঘোষা' কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদেৱে।

৮০/ 'নাম-ঘোষা' কোনে ৰচনা কৰিছিল?

উত্তৰ:- মাধৱদেৱে।

৮১/ মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ:- তেজপুৰত।

৮২/ অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে?

উত্তৰ:- দেৰগাঁওত।

৮৩/ অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰ:- ১৮৪৬ চনত।

৮৪/ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

উত্তৰ:- ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে।

৮৫/ প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন?

উত্তৰ:- ইটো সিটো বহুতো।

৮৬/ অসমৰ বৃহত্তম জিলা কি?

উত্তৰ:- কাৰ্বি আংলং।

৮৭/ চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰ:- ১৮৫৭ চনৰ ১০ মে'।

৮৮/ এৰি, মুগা আৰু পাটৰ কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি?

উত্তৰ:- কামৰূপ জিলাৰ শুৱালকুছি।

৮৯/ কছাৰী সকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰ:- ডিমাপুৰ।

৯০/ অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি?

উত্তৰ:- নলবাৰী।

৯১/ ৰাম-নৱমী নাটক কোনে ৰচনা কৰিছিল?

উত্তৰ:- গুণাভিৰাম বৰুৱাই।

৯২/ চামেলি মেমচাব কথাছবিৰ পৰিচালক কোন আছিল?

উত্তৰ:- ভূপেন হাজৰিকা।

৯৩/ শিল্পী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১৭ জানুৱাৰীত।

৯৪/ অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১ অক্টোবৰত।

৯৫/ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?

উত্তৰ:- বৰাইল পাহাৰ।

৯৬/ অসমীয়া চুটিগল্পৰ জনক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

৯৭/ নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰুদ্ৰসিংহই। (১৭০৩ চন)

৯৮/ অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰ:- মহীৰংগ দানৱ।

৯৯/ শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ২৪০ টা

১০০/ মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ১৫৭ টা।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব