অসম কুইজ Assam Quiz


১/ অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকা। (২০০৯ চন)

২/ আম্বেদকাৰ বঁটা অসমৰ কোনগৰাকী অভিনেত্ৰীক প্ৰদান কৰা হৈছিল?

উত্তৰ:- চেতনা দাস।

৩/ অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসৰ নাম কি আছিল?

উত্তৰ:- মিৰিজীয়ৰী। ("মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস)

৪/ দেওহাঁহ অসমৰ কোনকেইখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়?

উত্তৰ:- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

৫/ কিমান চনত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল?

উত্তৰ:- ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়।

৬/ মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল?

উত্তৰ:- চন্দ্ৰকান্ত সিংহ।

৭/ কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ:- মহাৰাজ নৰনাৰায়ণে।

৮/ কোনখন ঠাই পক্ষীৰ অদ্ভূত আত্মহননৰ বাবে বিখ্যাত?

উত্তৰ:- জাতিংগা।

৯/ ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি?

উত্তৰ:- পিয়লি ফুকন।

১০/ অসমৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?

উত্তৰ:- মাজুলী।

১১/ ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল?

উত্তৰ:- ১৯০১ চনত। (১১ ডিচেম্বৰ)

১২/ পাইক প্ৰথা কোনজন ৰজাই আৰম্ভ কৰিছিল?

উত্তৰ:- প্ৰতাপ সিংহই।

১৩/ অসমৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।

১৪/ অসমৰ প্ৰাকৃতিক অঞ্চলকেইটা?

উত্তৰ:- তিনিটা।

১৫/ শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?

উত্তৰ:- আহোম আৰু মোগলৰ মাজত।

১৬/ অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়?

উত্তৰ:- শুৱালকুছি।

১৭/ অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ:- বিহু।

১৮/ 'গড়গঞা' ৰজা কাক আখ্যা দিয়া হয়?

উত্তৰ:- স্বৰ্গদেউ চুক্লেংমুঙক।

১৯/ বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল?

উত্তৰ:- প্ৰতাপ সিংহই।

২০/ শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰ:- ১৬৭১ চনত।

২১/ কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?

উত্তৰ:- ১৯৪৩ চনৰ ১৫ জুনত।

২২/ প্ৰথম অসমীয়া নাট্যকাৰ কোন আছিল?

উত্তৰ:- ব্ৰজনাথ শৰ্মা।

২৩/ অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰ:- গুৱাহাটী বিশ্ববিদ্যালয়।

২৪/ সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

উত্তৰ:- ইয়াৰুইঙ্গম।

২৫/ অসমীয়া নাট্য-সাহিত্যৰ জনক কোন?

উত্তৰ:- শংকৰদেৱ।

২৬/ অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ১২৬ খন।

২৭/ ড° বাণীকান্ত কাকতিয়ে বৰগীতক কি বুলি আখ্যা দিছে?

উত্তৰ:- Noble numbers.

২৮/ অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে?

উত্তৰ:- বোকাজান।

২৯/ অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?

উত্তৰ:- চাবুৱা।

৩০/ অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ।

৩১/ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ:- গদাধৰ সিংহই।

৩২/ অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?

উত্তৰ:- ১৯৪৮ চনত।

৩৩/ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ:- বিজয় চৌধুৰী।

৩৪/ অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰ:- ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

৩৫/ ডিগবৈৰ তৈলক্ষেত্ৰ কেতিয়া আৱিষ্কাৰ হয়?

উত্তৰ:- ১৮৭৯ চনত।

৩৬/ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ:- ১৯৮৫ চনৰ ১৫ আগষ্টত।

৩৭/ অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰ:- ১৯৮৫ চনত।

৩৮/ অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল?

উত্তৰ:- কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক।

৩৯/ কোনজন ৰজাই শিৱসাগৰৰ কাৰেং ঘৰটো পুনৰ নিৰ্মাণ কৰাইছিল?

উত্তৰ:- ৰাজেশ্বৰ সিংহই।


৪০/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰ:- গোলাঘাট জিলাত।

৪১/ আজান পীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰ:- শিৱসাগৰ।

৪২/ কিমান চনত ভূপেন হাজৰিকাক 'দাদা চাহেব ফাল্কে' বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- ১৯৯২ চনত।

৪৩/ কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহ‌ই।

৪৪/ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষিজীৱী?

উত্তৰ:- ৭০ শতাংশ।

৪৫/ অসমৰ তৈল নগৰ হিচাপে কোনখন চহৰক জনা যায়?

উত্তৰ:- ডিগবৈ।

৪৬/ এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন?

উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

৪৭/ অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?

উত্তৰ:- হলিৰাম ডেকা।

৪৮/ অসমৰ পাহাৰীয়া জিলা দুখন কি কি?

উত্তৰ:- কাৰ্বি আংলং, উত্তৰ কাছাৰ।

৪৯/ অসমৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি?

উত্তৰ:- উমানন্দ।

৫০/ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?


৫১/ অসমৰ দীৰ্ঘতম দলংখনৰ নাম কি?

উত্তৰ:- ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া দলং)। দৈৰ্ঘ্য- ৯.১৫ কিলোমিটাৰ।

৫২/ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ:- কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে।

৫৩/ অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে গ্ৰহণ কৰিছিল?

উত্তৰ:- মণিৰাম দেৱানে।

৫৪/ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি?

উত্তৰ:- গুৱাহাটী মহানগৰ।

৫৫/ অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে?

উত্তৰ:- স্বৰ্গদেউ গদাধৰ সিংহই।

৫৬/ চামেলি মেমচাব কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন?

উত্তৰ:- ভূপেন হাজৰিকা।

৫৭/ অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল?

উত্তৰ:- ১৮১৭ চনত। (১৮১৭ চনৰ ২৭ মাৰ্চত ঘিলাধাৰীত আহোম আৰু মানৰ প্ৰথম যুঁজ লাগে)

৫৮/ কিমান চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?

উত্তৰ:- ১৯৪২ চনত।

৫৯/ কোন তাৰিখে সত্ৰীয়া নৃত্য‌ই স্বীকৃতি লাভ কৰিছিল?

উত্তৰ:- ২০০০ চনৰ ১৫ নৱেম্বৰত।

৬০/ অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়?

উত্তৰ:- হাফলং।

৬১/ কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?

উত্তৰ:- মংগোলীয়।

৬২/ পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

উত্তৰ:- হাজো।

৬৩/ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰ:- পাঁচখন।

৬৪/ আহোমৰ মুদ্ৰাবোৰৰ আকাৰ কি আছিল?

উত্তৰ:- আঠ চুকীয়া।

৬৫/ ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপিত হয়?

উত্তৰ:- ১৭ অক্টোবৰত।

৬৬/ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰাজেশ্বৰ সিংহই।

৬৭/ ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?

উত্তৰ:- ৫৫ শতাংশ।

৬৮/ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ:- মহম্মদ চালেহ আকবৰ হাইদৰী।

৬৯/ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?

উত্তৰ- মালিগাঁৱত।

৭০/ কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

উত্তৰ:- নিপ বৰুৱাই।

৭১/ অসমৰ ৰাজ্যিক (জাতীয়) পক্ষী কি?

উত্তৰ:- দেওহাঁহ।

৭২/ ৰংঘৰ কোনে সজাইছিল?

উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহই (১৭৪৬ চনত)।

৭৩/ নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল?

উত্তৰ:- চিলাৰায়।

৭৪/ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন আছিল?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

৭৫/ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।

৭৬/ প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?

উত্তৰ:- ৰাম-নৱমী।

৭৭/ অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- প্ৰহ্লাদ চৰিত।

৭৮/ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি?

উত্তৰ:- শৰাইঘাট দলং।

৭৯/ 'কীৰ্তন-ঘোষা' কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদেৱে।

৮০/ 'নাম-ঘোষা' কোনে ৰচনা কৰিছিল?

উত্তৰ:- মাধৱদেৱে।

৮১/ মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ:- তেজপুৰত।

৮২/ অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে?

উত্তৰ:- দেৰগাঁওত।

৮৩/ অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰ:- ১৮৪৬ চনত।

৮৪/ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

উত্তৰ:- ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে।

৮৫/ প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন?

উত্তৰ:- ইটো সিটো বহুতো।

৮৬/ অসমৰ বৃহত্তম জিলা কি?

উত্তৰ:- কাৰ্বি আংলং।

৮৭/ চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰ:- ১৮৫৭ চনৰ ১০ মে'।

৮৮/ এৰি, মুগা আৰু পাটৰ কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি?

উত্তৰ:- কামৰূপ জিলাৰ শুৱালকুছি।

৮৯/ কছাৰী সকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰ:- ডিমাপুৰ।

৯০/ অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি?

উত্তৰ:- নলবাৰী।

৯১/ ৰাম-নৱমী নাটক কোনে ৰচনা কৰিছিল?

উত্তৰ:- গুণাভিৰাম বৰুৱাই।

৯২/ চামেলি মেমচাব কথাছবিৰ পৰিচালক কোন আছিল?

উত্তৰ:- ভূপেন হাজৰিকা।

৯৩/ শিল্পী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১৭ জানুৱাৰীত।

৯৪/ অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ:- ১ অক্টোবৰত।

৯৫/ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?

উত্তৰ:- বৰাইল পাহাৰ।

৯৬/ অসমীয়া চুটিগল্পৰ জনক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

৯৭/ নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰুদ্ৰসিংহই। (১৭০৩ চন)

৯৮/ অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰ:- মহীৰংগ দানৱ।

৯৯/ শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ২৪০ টা

১০০/ মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ১৫৭ টা।

Post a Comment

Previous Post Next Post