Current Affairs Assam July 2021

 Current Affairs Assam July 2021


  • ১৯/০৭/২০২১ » তাৰিখে অসম চৰকাৰৰ ২০২০ চনৰ কালিচৰণ ব্ৰহ্ম বঁটাপ্ৰাপক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ মৃত্যু হয়।

  • ২৪/০৭/২০২১ » তাৰিখে টকিঅ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ কৰে মণিপুৰৰ মীৰাবাঈ চানুৱে। মীৰাবাঈ চানুৱে ৪৯ কেজি শাখাত জয়ী হয়। ২৬ বছৰীয়া মীৰাবাঈ চানু ভাৰোত্তোলনত অলিম্পিক পদত জয়ী দ্বিতীয় গৰাকী ভাৰতীয় খেলুৱৈ। মীৰাবাঈ চানুৱে মুঠ ২০২ কেজি (স্নেৎচত ৮৭ কেজি, ক্লীন এণ্ড জাৰ্কত ১১৫ কেজি) উত্তোলন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে।

  • ২৫/০৭/২০২১ » অসমৰ ভাৰ-উত্তোলন সন্থাৰ উপ-সভাপতি হিচাপে ধৰ্মেশ্বৰ কোঁৱৰক মনোনীত কৰি নিযুক্তি পত্ৰ প্ৰদান কৰে।

  • ২৭/০৭/২০২১ »  টকিঅ'ত অনুষ্ঠিত অলিম্পিকত ২৭/০৭/২০২১ তাৰিখে বক্সিং ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইৰ প্ৰতিদ্বন্দী আছিল জাৰ্মান বক্সাৰ নাদিন এপটেজ। ৬৯ কেজিৰ ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই জাৰ্মান বক্সাৰ নাদিন এপজেটক হৰুৱাবলৈ সক্ষম হয়।

  • ৩০/০৭/২০২১ » তাৰিখে টকিঅ' অলিম্পিকত বক্সিং ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোহাঁইয়ে মহিলাৰ বক্সিঙৰ ৬৪-৬৯ কেজি ৱেল্টাৰৱেইট শাখাত বিজয়ী হৈ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা। টকিঅ' অলিম্পিকলৈ ২০২০ চনত যোগ্যতা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা, অলিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়াৰ লগতে প্ৰথম অসমীয়া মহিলা হোৱাৰ গৌৰৱ লাভ কৰিবলৈ সক্ষম হয়। লাভলীনা বৰগোহাঁইয়ে ৪ আগষ্ট, ২০২১ ত ছেমি ফাইনেল খেলিবলৈ অলিম্পিকৰ ৰিঙত নামিব। এই কোৱাৰ্টাৰ ফাইনেল খেলত লাভলীনা বৰগোহাঁইৰ প্ৰতিদ্বন্দী আছিল চীনৰ খেলুৱৈ 'ছেন্ নীয়ান'।

  • অলিম্পিকত বক্সাৰ শিৱ থাপাৰ পাছত অসমৰ দ্বিতীয়গৰাকী বক্সাৰ হিচাপে ২০২১ চনৰ টকিঅ' অলিম্পিকত ভাগ লৈছে লাভলীনা বৰগোহাঁইয়ে।

  • অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে ২০২১ বৰ্ষৰ নটসূর্য ফণী শৰ্মা বঁটা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ ২০২১ বৰ্ষৰ অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে। অসমৰ বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মালৈ ২০২১ বৰ্ষৰ নটসূর্য ফণী শৰ্মা বঁটা প্ৰদানৰ কথা ঘোষণা কৰে আৰু অভিনেতা উপকুল বৰদলৈলৈ আগবঢ়োৱা হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ ২০২১ বৰ্ষৰ অতুল চন্দ্ৰ হাজৰিকা বঁটা।

  • তথ্য প্ৰযুক্তি:-
  • AMTRON য়ে অসমৰ উপৰিও ভূটান, ম্যানমাৰ, নেপাল, বাংলাদেশ আদিৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উচ্চ গতিসম্পন্ন ইণ্টাৰনেট ব্যৱস্থাৰ অনুজ্ঞা লাভ কৰে। অসম ইলেকট্ৰনিক উন্নয়ন নিগম (AMTRON) য়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘতম দূৰত্বৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে NLD (National Long Distance), ILD (International Long Distance) আৰু ISP (Internet Service Provider) ৰ দেশৰ ভিতৰত অনুজ্ঞাপ্ৰাপ্ত প্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ টেলি সংযোগ বিভাগৰ সৈতে AMTRON ৰ চুক্তি স্বাক্ষৰিত হয়। টেলি সংযোগ বিভাগৰ সঞ্চালক ধনঞ্জয় ৰঞ্জন আৰু AMTRON ৰ পৰিচালন সঞ্চালক এম কে যাদৱে পুনৰ নৱীকৰণযোগ্য ২০ বছৰীয়া চুক্তিত স্বাক্ষৰ কৰে।
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →