গাজৰৰ উপকাৰিতা

(Image Source Link - https://pixabay.com/photos/carrots-vegetables-harvest-healthy-2387394/)

   গাজৰৰ বৈজ্ঞানিক নাম Daucus Carota Subsp. sativus আৰু ইংৰাজীত Carrot বুলি জনা যায়। গাজৰ শীতকালত হোৱা শাক জাতীয় উদ্ভিদ, কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ ন ন পদ্ধতিৰে এই গাজৰ বছৰৰ ১২ মাহেই উৎপাদন কৰা হয় আৰু বজাৰত সহজে উপলব্ধ হয়।

গাজৰৰ বহুতো উপকাৰী গুণ আছে। তলত গাজৰৰ উপকাৰিতাসমূহ দিয়া হ'ল -

১/ গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে।

২/ গাজৰে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩/ গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।

৪/ গাজৰত ভিটামিন k আৰু কেলচিয়াম থাকে। ভিটামিন k আৰু কেলচিয়াময়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

৫/ গাজৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

৬/ গাজৰ চকুৰ বাবে উপকাৰী।

৭/ গাজৰে কৌষ্ঠকাঠিন্য ৰোগৰ বাবে উপকাৰী। গাজৰে কৌষ্ঠকাঠিন্য ৰোগ হ্ৰাস কৰাত সহায় কৰে।

৮/ গাজৰে ওজন হ্রাস কৰাত সহায় কৰে।

৯/ ১০০ গ্ৰাম গাজৰত পানী থাকে ৮৮ শতাংশ, চেনী - ৪.৭ গ্ৰাম, চৰ্বি - ০.২ গ্ৰাম, কেলৰি - ৪১, প্ৰটিন - ০.৯ গ্ৰাম।

১০/ গাজৰ তেজৰ বাবে উপকাৰী।

বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 

গাজৰৰ গুণাগুণৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ লিংক - 



Post a Comment

Previous Post Next Post