পত্নীক ডিভোৰ্চ দিব বিচৰা ৰফিকৰ জীৱন সলনি কৰিলে তলাবন্ধই


আৰতি দেৱী
অধিবক্তা
গুৱাহাটী উচ্চ ন্যায়ালয়

তলাবন্ধৰ মাজতে ফোন এটা আহিল । ক’লে 'বাইদেউ, ঘৰতে আছেনে ?'

'আছোঁ, কোৱাচোন, ৰফিক।'
'বাইদেউ, ফোনত ক'বলৈ অসুবিধা, মই আপোনাৰ তালৈ গৈ আছোঁ।'

'ৰবা ৰবা, ৰফিক, ঘৰলৈ নাহিবা। জানাই দেখোন, এনেকুৱা সময়ত কোনো কাৰো ঘৰলৈ যাব নালাগে। ইমান ডাঙৰ বেমাৰ এটা দেশত হৈ আছে। ময়ো ক'লৈকো যোৱা নাই আৰু কাকো ঘৰলৈ আহিবলৈ দিয়া নাই। চেম্বাৰত তলা মাৰি থৈছো। গেটতো তলা মাৰি থৈছো। ফোনতে কোৱাচোন, কি হৈছে।' মই ক'লো।

         'বাইদেউ, মই আৰ্জিনাক ডিভোৰ্চ দিব খোজো।' কি কোৱাহে ৰফিক, সিদিনা বিয়া পাতিছিলাহে, ডিভোৰ্চ দিবৰ হ'লেইনে?'

   'এই মোৰ লগত কাজিয়া কৰি থাকে, অশান্তি লগা হৈ গৈছে। তাই যদি মোৰ লগত চলিব নোৱাৰে, মই কি কৰিম। এই কেইদিন গাড়ী চলাব পৰা নাই। চবফালে কাম-কাজ বন্ধ। কি কৰোঁ মই। তিৰোতাই বুজিব লাগে নহয়। ঘৰখনত ইটো নাই, সিটো নাই বুলি খেচ খেচাই থাকিব। গতিকে ভাবিছোঁ তাই তাইৰ ভাগে থাকক, মই মোৰ ভাগে থাকিম। যি হয় হ'ব। ডিভোৰ্চৰ কাৰণে কি কৰিব লাগিব আপুনি কওক।' ৰফিকৰ মুখৰ কথাত বিৰক্তিৰ সুৰ।

     'অ ৰফিক, ডিভোৰ্চ বিচাৰিলেই ডিভোৰ্চ নাপায়। বিয়া কৰাইছাহে, কাজিয়া চবৰেই লাগে। আমাৰো লাগে নহয়। তাই কিবা ক'লে তুমি মনে মনে থাকিবা। ধৈৰ্য্য ধৰাচোন অলপ দিন, ইমান সোনকালে মৰম-চেনেহবোৰ শেষ হ'লেইনে ? অলপ বুজা-বুজিৰে চলিবাচোন, ধৈর্য ধৰা।'

       'ধৈৰ্য ধৰিয়েই আছোঁ। খং উঠি ক'ৰবালৈ ওলাই যাবলৈ মন যায়। ওলাবও নোৱাৰো। পুলিচে কোবাব।' বাইদেউ বন্ধ খুলিলেই মই আপোনাৰ তালৈ যাম মুঠতে। আপুনি কি কৰে কৰিব।'

          'হব দিয়া ৰফিক। বন্ধ খুলিলেই দুয়োটাই আহিবাচোন, মই বুজাম দিয়া তাইক।' ফোনটো কাটি দিলোঁ।

এৰা, ৰফিকৰ দৰে দুখীয়া মানুহবোৰৰ ঘৰবোৰৰ ভিতৰত কি অৱস্থা হৈছেগৈ। অৰ্থনৈতিকভাবে পিছপৰা আৰু দৈনিক খাটি খোৱা মানুহৰ ঘৰত গৃহকন্দল লগাটোৱেই স্বাভাৱিক। পদপথৰ কাষত দোকান দিয়া বেআইনী বুলি জানিও পেটৰ তাড়নাত প্ৰশাসনৰ মানুহৰ চকুৰ আগতেই পদপথসমূহত বা পদপথৰ কাষত দোকান দিয়া মানুহৰ অভাৱ নাই। ৰিক্সাৱালা, ঠেলাৱালাৰ পৰা আৰম্ভ কৰি এচাম খাটি খোৱা মানুহৰ এতিয়া দেশত মন্দাৱস্থা, ফুল বেপাৰী, ফলমূল বেপাৰী, পাণ দোকানী, খবৰ কাকত বিক্রেতা, ম'ম', ফুচকা বিক্রেতা আৰু ক'ত যে কি, এই সকলো মানুহকে নিতৌ চকুৰ আগত দেখি আহিছো। জীৱনৰ নূন্যতম প্ৰয়োজনীয় সামগ্ৰীখিনি ঘৰলৈ নিব নোৱাৰাৰ যন্ত্ৰণা কিমান হ'ব পাৰে তাক সকলোৱে অনুমান কৰিব পাৰিব। গতিকে এনেবোৰ খাটি খোৱা মানুহৰ এনে তলাবন্ধৰ ফলত স্থবিৰ হৈ পৰা জীৱনত গৃহকন্দল হোৱাটো একো অস্বাভাৱিক নহয়। বৰঞ্চ নোহোৱাটোৱেহে যেন অস্বাভাৱিক। দেশত হেজাৰে লাখে নিবনুৱা। শিক্ষিত বহু নিবনুৱাইও এনেবোৰ কাম কৰা দেখা যায়। উচ্চতৰ মাধ্যমিক পাছ ৰফিকেও আনৰ ঘৰুৱা গাড়ী চলাই দুপইচা উপাৰ্জন কৰি সংসাৰ পোহপাল দিছিল যদিও এতিয়া তাৰ ঘৰতো গৃহকন্দল। স্বাভাৱিক সময়তেই আমি পাৰিবাৰিক আদালতৰ পৰা আৰম্ভ কৰি আন আদালততেই ক'ত গৃহকন্দলৰ ফলত সংঘটিত হোৱা অপৰাধসমূহৰ গোচৰসমূহ প্ৰত্যক্ষ কৰি আহিছো, গতিকে এনে সময়ততো কথাই নাই। ইফালে ভাইৰাছ ত্ৰাস, আনফালে পেটৰ ক্ষুধা। ইয়াৰ মাজত ধনীক আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ লগতে সন্তানসকলেও প্ৰতিভা বিকাশৰ পথ মোকোলাইছে। জীৱিকাৰ নিমিত্তে দিনটোৰ বেছিভাগ সময় বাহিৰত কটোৱাসকলে নিজৰ সন্তানৰ লগত সময় কটাইছে, সুযোগৰ সদব্যৱহাৰ কৰিছে। ৰন্ধন, সংগীত, আবৃত্তি, নৃত্য, পেলনীয়া সামগ্ৰীৰে নতুন কিবা তৈয়াৰ কৰা, সাহিত্য চৰ্চা, শৰীৰ চৰ্চা ইত্যাদি ইত্যাদি বিভিন্ন কথাৰে তলাবন্ধৰ সময়চোৱাত ফেচবুক, হোৱাটচএপ ভৰি পৰিছে। প্ৰতিভাৰ বিকাশ ঘটিছে। আনহাতে, যান-বাহন, কল-কাৰখানাসমূহ বন্ধ থকাৰ ফলত নদ-নদী, প্ৰকৃতি প্ৰদূষণমুক্ত হৈ পৰিছে। এখন নীলা মুক্ত আকাশৰ তলত হেজাৰ-বিজাৰ পক্ষী মুক্ত মনেৰে উৰি ফুৰিছে, মানুহৰ ভয়ত সদায় আঁতৰত থকা জীৱকুলে নগৰ, চহৰৰ পথটো মুক্ত মনেৰে বিচৰণ কৰা দেখা গৈছে। হয়তো যুগ-যুগান্তৰলৈ এনে পৰিবেশৰ আলমত মনুষ্যৰ হৃদয়ত থিতাপি লোৱা উপলব্ধিৰে এখন ইতিহাস ৰচিত হৈ ৰ'ব। এক নজিৰবিহীন পৰিঘটনা এয়া। ইতিমধ্যে তলাবন্ধৰ মাজতে কিছু শিথিল হ'ল আগৰ কটকটীয়া নিয়ম। চৰকাৰী পৃষ্ঠপোষকতাত আৰু চৰকাৰৰ সুযোগত বহু মানুহ নিজৰ নিজৰ আপোন ঘৰ সমূহলৈ ঘূৰি গ'ল।

চৰকাৰে, স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনা মানি বহু মানুহৰ জীৱনলৈ কিছু স্বাভাৱিকতা ঘূৰি আহিল। হঠাতে এদিন ৰফিকৰ ফোন আহিল। 

            'বাইদেউ ভালে আছেনে ?

           মই মনতে ভাবিলোঁ, ইহঁতৰ গৃহ কন্দলে চূড়ান্ত ৰূপ পোৱা নাইতো? পিছে মোক আচৰিত কৰি ৰফিকে এফালৰ পৰা গাই গ'ল - 'বাইদেউ মই মানুহজনীৰ স'তে গাঁৱলৈ আহিলোঁ। মই আৰু গাড়ী নচলাও। পিতাইৰ মাটিডৰা এনেয়ে পৰি আছিল, পিতাই মৰাৰে পৰা আইজনী (মাতৃ) আৰু ভাইটোও অকলশৰীয়া হৈ পৰিছিল, মই, মানুহজনীয়ে লগ লাগি তাৰে খেতিৰ কামত ধৰিছোঁ। ভাইটোক পঢ়িবলৈ দিম। ইয়াতেই ভাল লাগিছে। ড্ৰাইভাৰী কৰি গুৱাহাটীত জীৱন নচলে। এইকেইদিনতে মাটিডৰাত জিকা, কবি, বিলাহী, বেঙেনা বহুত লগালো। ভাল হৈছে খেতিবোৰ। গাঁৱৰ বস্তু খাই গাঁৱতে ভালকৈ চলিব পাৰিম। মানুহজনীয়েও এতিয়া মোক গালি-গালাজ নকৰে। মোক আৰু ডিভোৰ্চ নালাগে।'

              ৰফিকৰ কথা শুনি মোৰ বুকু অজানিতে ভৰি আহিল। এৰা বহু মানুহ এই সময়ছোৱাত গাঁওবোৰলৈ গৈছে। খেতি-বাতি কৰিছে। চহৰৰ মানুহেও ফুলৰ টাবতে বা ঘৰৰ চুকে-কোণে বিলাহী, বেঙেনা লগাইছে, মানুহৰ জীৱনশৈলী সলনি হৈছে, উপলব্ধিৰে জীৱনক জুখি চাইছে, ভাব হৈছে এক নতুন সভ্যতাৰ জন্ম হৈছে। এনে দুৰ্যোগৰ সময়তো মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটিছে। আমাৰ মনতো আশাৰ সঞ্চাৰ ঘটিছে। এই সময় যদিও দুঃসময়,  বৈজ্ঞানিক চিন্তাধাৰা আৰু নতুন উপলব্ধিৰে এখন সুন্দৰ পৃথিৱী এনেদৰেই ৰচনা হওক। আমি আশাবাদী।

২০ মে, ২০২০ অগ্ৰদূতত প্ৰকাশিত।

Post a Comment

Previous Post Next Post