মহিলাসকল উপাৰ্জনমুখী হবলৈ ঘৰতে আৰম্ভ কৰিব পৰা ব্যৱসায়

 


১/ হাঁহ-কুকুৰা-গাহৰি-ছাগলী পালন:-

 যি সকল মহিলাৰ ঘৰত হাঁহ-কুকুৰা-গাহৰি-ছাগলী আদি পালন কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণে ঠাই আছে তেন্তে ওপৰত উল্লেখিত হাঁহ-কুকুৰা-গাহৰি-ছাগলী ইত্যাদিৰ ভিতৰত যিকোনো এবিধ পালন কৰিব পাৰে। পশুপালন কেনেদৰে আৰম্ভ কৰিব? তাৰ বাবে প্ৰথমে পশুপালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে বা সামাজিক গণমাধ্যম YouTube, Facebook আদিৰ মাধ্যমেৰে পশুপালনৰ দিহা-পৰামৰ্শ আদি লব পাৰে। ঘৰতে পশুপালনৰ বাবে ঘৰ এটি নিৰ্মাণ কৰি প্ৰথমে কম পৰিমাণে আৰম্ভ কৰিব। হাঁহ-কুকুৰা-গাহৰি-ছাগলী আদি বিক্ৰী কৰিবলৈ আজিৰ দিনত অতি সহজ আৰু বজাৰত ইয়াৰ চাহিদা সৰ্বাধিক। পশুপালন আৰম্ভ কৰিবলৈ মূলধন ৫০০০ ৰ পৰা ২০,০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

২/ পাপৰ তৈয়াৰ:-

 পাপৰ তৈয়াৰ কৰি ব্যৱসায় কৰিবলৈ হলে পোন প্ৰথমে পাপৰ তৈয়াৰ কৰা প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে আৰু ঘৰতে ইণ্টাৰনেটৰ সহায় লৈ শিকিব পাৰে। ঘৰতে পাপৰ তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ সংগ্ৰহ কৰিব পাৰে আৰু পাপৰ তৈয়াৰ কৰি ঘৰত পৰীক্ষা কৰিব যে আপুনি তৈয়াৰ কৰা পাপৰৰ সোৱাদ বজাৰত উপলদ্ধ পাপৰৰ দৰে হৈছেনে? যদি হৈছে তেন্তে এই পাপৰৰ ব্যৱসায়ত আগবাঢ়িবলৈ হলে FSSAI, SSI/MSME Registration, GST Registration, Firm Registration, EPF Registration, PFA Act, Trademark Brand Name, Trade licenses, IEC Code, ESI Registration আদিৰ প্ৰয়োজন। পাপৰ প্ৰস্তুত কৰিবলৈ আৰু এই ব্যৱসায় ঘৰতে আৰম্ভ কৰিবলৈ ৫০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৫ লাখ টকালৈ প্ৰয়োজন হব পাৰে। পাপৰৰ গুণগত মানদণ্ড আৰু সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি বজাৰত স্থান লাভ কৰিব, তাৰ বাবে প্ৰথমে বজাৰ দখল কৰিবলৈ মাৰ্কেটিঙৰ প্ৰয়োজন হব।

৩/ আচাৰ তৈয়াৰ:-

 ব্যৱসায়িকভাৱে ঘৰতে আচাৰ তৈয়াৰ কৰি বজাৰলৈ উলিয়াই দিবলৈ হলে মহিলাসকলে প্ৰথমে আচাৰ তৈয়াৰৰ প্ৰশিক্ষণ লব পাৰে বা যি সকলে আচাৰ তৈয়াৰ কৰিব আগৰ পৰাই জানে, তেওঁলোকে আচাৰ তৈয়াৰৰ সামগ্ৰী সমূহ যোগাৰ কৰি আগবাঢ়িব পাৰে। আচাৰৰ ব্যৱসায় কৰিবলৈ FSSAI অনুজ্ঞাপত্ৰ লব লাগিব। আচাৰৰ ব্যৱসায়ত মূলধন ১০,০০০ ৰ পৰা ৫০,০০০ টকা পৰ্যন্ত লাগিব পাৰে।

৪/ তাঁতশালত কাপোৰ বোৱা-কটা:-

 যি সকল মহিলাই তাঁত বব জানে, ফুল বাছিব জানে, তাঁতশালত বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰিব জানে, তেওঁলোকে এই কামত আগবাঢ়িব পাৰে। বিশেষকৈ গ্ৰামাঞ্চলৰ অধিকাংশ মহিলাই তাঁতশালত কাপোৰ তৈয়াৰ কৰিব জানে। সেয়ে হয়তো মহাত্মা গান্ধীয়ে কৈছিল - "অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে"। বৰ্তমান বজাৰত হাতে বোৱা গামোচা, চেলেং, ৰিহা, মেখেলা, চাদৰ আদিৰ চাহিদা অধিক। মহিলাসকলে তাঁতশালত কাপোৰ বোৱা-কটা শিকিবলৈ প্ৰশিক্ষণো গ্ৰহণ কৰিব পাৰে আৰু আগৰ পৰা তাঁত বব জানিলে এই কামত আগবাঢ়িব পাৰে। তাঁতশালৰ কাপোৰ বোৱা ব্যৱসায়ত মূলধন কমেও ১০,০০০ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

৫/ কাপোৰৰ ব্যৱসায়:-

 আজিকালি মহিলাসকলে প্ৰয়োজনীয় কিছুমান কাপোৰ ওচৰ-চুবুৰীয়া, একোটা অঞ্চলৰ মানুহে সহজে পোৱাকৈ দিব পাৰিলে ভাল লাভ অৰ্জন কৰিব পাৰে। কাপোৰ যেনে - চাদৰ, মেখেলা, অন্তৰ্বাস, গামোচা, চেলেং, ৰিহা, গৰম কাপোৰ ইত্যাদি। এই ব্যৱসায় আৰম্ভ কৰিবলৈ ১০,০০০ টকাৰ পৰা ৫০,০০০ টকাৰ প্ৰয়োজন হব পাৰে।

৬/ কেক তৈয়াৰ:-

 আজিকালি জন্মদিনেই হওক, বিবাহ বাৰ্ষিকীয়েই হওক, নতুন কিবা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰতেই হওক আদি শুভ মুহূৰ্তত কেকৰ অবিহনে নহয়েই বুলিব পাৰি। মহিলা সকলে কেক তৈয়াৰ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কেক তৈয়াৰ কৰি দিবলৈ অৰ্ডাৰ লব পাৰে। কেকৰ ব্যৱসায় কৰিবলৈ FSSAI ৰ অনুজ্ঞাপত্ৰ গ্ৰহণ কৰিব লাগিব আৰু কেকৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ২০,০০০ ৰ পৰা ৭০,০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

৭/ ব্লগ-ইউটিউব-ডিজিটেল মাৰ্কেটিং:-

 যি সকল মহিলাই ঘৰতে কাম-কাজ কৰে বা অন্য কামৰ পৰা আজৰি সময় উলিয়াই ব্লগ লিখিব পাৰে। ব্লগ তৈয়াৰ কৰিবলৈ blogger.com, WordPress ইত্যাদিৰ সহায় লব পাৰে। ব্লগত খাদ্য সম্ভাৰ, জানিবলগীয়া কথা, গল্প, ভ্ৰমণ কাহিনী, ছাত্ৰ-ছাত্ৰী সকলৰ উপকাৰ হোৱাকৈ পাঠ্যক্ৰমৰ প্ৰশ্ন-উত্তৰ, চাকৰি সম্পৰ্কীয় প্ৰশ্ন-উত্তৰ, চাকৰিৰ খবৰ ইত্যাদি লিখিব পাৰে। ব্লগত দৰ্শকৰ সংখ্যা বাঢ়ি গলে Google Adsense ৰ পৰা উপাৰ্জনৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকিব। ব্লগ লিখাৰ প্ৰক্ৰিয়া blogger.com ত সম্পূৰ্ণ বিনামূলীয়া কিন্তু domain name লৈ ব্লগ আৰম্ভ কৰিলে বছেৰেকত domain name ৰ বাবদ ৮০০ ৰ পৰা ১০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

   ইউটিউবত Vlog তৈয়াৰ কৰি উপাৰ্জন কৰিব পাৰে। দৈনন্দিন জীৱনৰ ভিডিঅ', ভ্ৰমণমূলক ভিডিঅ', খাদ্য ৰন্ধন-প্ৰকৰণৰ ভিডিঅ', জ্ঞান প্ৰদান ইত্যাদি ইউটিউবত দিব পাৰে। ইউটিউবত দৰ্শকৰ সংখ্যা বৃদ্ধি হলে উপাৰ্জনৰ পৰিমাণো বৃদ্ধি হৈ গৈ থাকিব।
       
       ডিজিটেল মাৰ্কেটিং- মহিলাসকলে অনলাইনত affiliate marketing ৰ জৰিয়তে সামগ্ৰী বিক্ৰী, WhatsApp status, Facebook post & advertise ত কাপোৰ, গহণা, হাতেৰে তৈয়াৰ কৰা সামগ্ৰী সমূহৰ বিজ্ঞাপন প্ৰকাশ কৰিব পাৰে আৰু গ্ৰাহকৰ পছন্দ অনুযায়ী বিক্ৰী কৰিব পাৰে। Meesho, Glowroad আদি reselling কোম্পানীৰ বস্তুও Social media, blog ইত্যাদিত বিজ্ঞাপন প্ৰকাশ কৰি বিক্ৰী কৰিব পাৰে। এই ব্যৱসায়ত ৫০০০ ৰ পৰা ৩০,০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।


৮/ শাক-পাচলিৰ উৎপাদন:-

 যি সকল মহিলাৰ ঘৰত শাক-পাচলিৰ উৎপাদন কৰিব পৰাকৈ ঠাই আছে, তেওঁলোকে উন্নতমানৰ বীজ ৰোপণ কৰি জৈৱিক পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰি স্বাৱলম্বী হব পাৰে। এই ব্যৱসায় কৰিবলৈ ১০০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

৯/ বিউটি পাৰ্লাৰ - মেকআপ:-

 মহিলাসকলে নিজ নিজ অঞ্চলৰ মহিলাসকলৰ সুবিধাৰ্থে ঘৰতে বিউটি পাৰ্লাৰ  আৰু মেকআপৰ কাম আৰম্ভ কৰিব পাৰে। বিউটি পাৰ্লাৰ-মেকআপৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতে বিউটি পাৰ্লাৰ আৰু বিয়া, অন্যান্য অনুষ্ঠান আদিত মেকআপ কৰিব পাৰে। এই ব্যৱসায় আৰম্ভ কৰিবলৈ ২০,০০০ ৰ পৰা ৮০,০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

১০/ নাৰ্ছাৰী:-

 মহিলাসকলে ঘৰতে এখন নাৰ্ছাৰী খুলিব পাৰে। আজিকালি প্ৰত্যেক গৰাকী নাৰীয়েই নিজৰ ঘৰখন ফুলনিৰে সুন্দৰকৈ ৰাখিব বিচাৰে। গতিকে ফুলৰ চাহিদা আজিকালি যথেষ্ট বৃদ্ধি পাই আহিছে। বৰ্তমান ফুলৰ চাহিদালৈ চাই যোগান অতি সীমিত। মহিলাসকলে নাৰ্ছাৰী খুলি নিজ নিজ অঞ্চলত ফুলৰ যোগান ধৰিব পাৰে। এই ব্যৱসায় আৰম্ভ কৰিবলৈ ১০,০০০ টকাৰ পৰা ৬০,০০০ টকাৰ প্ৰয়োজন হব পাৰে।

১১/ টিউচন:-

 শিক্ষিত মহিলাসকলে ঘৰতে টিউচন কেন্দ্ৰ খুলি যি যি বিষয়ৰ টিউচন লব পাৰে সেই অনুযায়ী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱাকৈ শিক্ষাদান কাৰ্য আৰম্ভ কৰিব পাৰে।

১২/ পিঠা-পনাৰ ব্যৱসায়:-

 আজিকালি কেৱল বিহুৰ বতৰতেই নহয়, সকলো সময়তে বজাৰত পিঠা, চিৰা, কোমল চাউল, সান্দহ, লাডু ইত্যাদিয়ে বজাৰ ভৰি থাকে। সেই অনুসৰি চাহিদাও সৰ্বাধিক। বৰ্তমান সময়ত মহিলাসকলে পিঠা-পনাৰ ব্যৱসায় কৰিও আর্থিকভাৱে স্বাৱলম্বী হব পাৰিছে। পিঠা-পনাৰ ব্যৱসায় বুলি কলে অসমৰ সফল এটি অনুষ্ঠান - "ভোগালী জলপান"। পিঠা-পনাৰ ব্যৱসায় কৰি অসমৰ মহিলাসকলে স্বাৱলম্বীতাৰ বাট বিচাৰি পাব পাৰে। এই ব্যৱসায়ত ১০,০০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত প্ৰয়োজন হব পাৰে।

[ মন কৰিব - যিকোনো ব্যৱসায়িক সিদ্ধান্ত লবলৈ ওপৰত উল্লেখিত তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়াৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ গ্ৰহণ কৰিব 🙏 ]

Post a Comment

Previous Post Next Post