বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নে?



সঞ্জীৱ বৰুৱা , শিৱসাগৰ

একবিংশ শতিকাৰ সোঁমাজৰ জীৱশ্ৰেষ্ঠ মানুহ আমি ৷ অথচ বৃদ্ধ অৱস্থা পোৱাৰ লগে লগে আমাৰ জন্মদাতা পিতৃ-মাতৃ আমাৰ বাবে হৈ পৰে বোজা ৷ কিমান আশা, আকোলতাৰে, মমতাৰে জন্মৰে পৰা নিজৰ বহুতো সুখ বলিদান দি আমাক মানুহ কৰাৰ চেষ্টা কৰে ৷ সন্তানক লালন পালন কৰোঁতে এগৰাকী মাতৃয়ে হাজাৰটা ত্যাগ স্বীকাৰ কৰে ৷ সেইগৰাকী মাতৃ বৃদ্ধ বয়সত সন্তানৰ বাবে মুৰৰ কামোৰণি হৈ পৰে ৷ ফলস্বৰুপে তেওঁলোকক এৰি দিয়া হয় জনসমুদ্ৰত অথবা বৃদ্ধাশ্ৰমত ৷
এইবোৰ কিয় হয়? কি এই আশাৰে আমাক মা-দেউতাই ডাঙৰ কৰিছিল? নিজৰ সন্তানৰ মৰমৰ পৰা বঞ্চিত হৈ তেওঁলোকৰ মনত কিমান দুখৰ উৎপত্তি হয় সেইয়া জানো আমি অনুভৱ কৰোঁ ৷

বৃদ্ধ অৱস্থাত সকলো মানুহেই সৰু ল'ৰাৰ দৰে আচৰণ কৰে ৷ মৰম, আদৰ কামনা কৰে ৷ জীৱনটো গঢ়ি দিয়াৰ তেওঁলোকে বিনিময় নিবিচাৰে, কিন্তু নিজ সন্তানৰ পৰা অলপ মৰম আৰু আশ্ৰয় বিচাৰে ৷ সেইখিনি দিবলৈও অপাৰগ হোৱা সন্তানে নিজৰ সন্তানক কেনেকৈ মানুহ হোৱাৰ শিক্ষা দিব?
বিজ্ঞানৰ যুগত সমাজ ব্যৱস্থাৰ পৰিবৰ্তন হৈছে সঁচা কথা কিন্তু মানুহৰ মানসিকতাৰ এনেধৰণৰ পৰিবৰ্তন হোৱাটো অনুচিত ৷ নিজৰ মাক-দেউতাকক অলপ সময়, অলপ মৰম দিবলৈ চেষ্টা কৰক ৷ পাহৰি গ'লে নহব যে এদিন আমাৰো তেনেদিন নাহিব আৰু আমাৰ সন্তানেও যদি তেনে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া?
কথাবোৰ যোগাত্মক ভাৱে ভাৱিবৰ হ'ল , নহ'লে সমাজৰ পৰা এদিন সংস্কাৰ, শিক্ষা , শ্ৰদ্ধা এই শব্দবোৰৰ কোনো মূল্য নিঃশেষ হৈ যাব ৷

2 Comments

Previous Post Next Post