বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নে?



সঞ্জীৱ বৰুৱা , শিৱসাগৰ

একবিংশ শতিকাৰ সোঁমাজৰ জীৱশ্ৰেষ্ঠ মানুহ আমি ৷ অথচ বৃদ্ধ অৱস্থা পোৱাৰ লগে লগে আমাৰ জন্মদাতা পিতৃ-মাতৃ আমাৰ বাবে হৈ পৰে বোজা ৷ কিমান আশা, আকোলতাৰে, মমতাৰে জন্মৰে পৰা নিজৰ বহুতো সুখ বলিদান দি আমাক মানুহ কৰাৰ চেষ্টা কৰে ৷ সন্তানক লালন পালন কৰোঁতে এগৰাকী মাতৃয়ে হাজাৰটা ত্যাগ স্বীকাৰ কৰে ৷ সেইগৰাকী মাতৃ বৃদ্ধ বয়সত সন্তানৰ বাবে মুৰৰ কামোৰণি হৈ পৰে ৷ ফলস্বৰুপে তেওঁলোকক এৰি দিয়া হয় জনসমুদ্ৰত অথবা বৃদ্ধাশ্ৰমত ৷
এইবোৰ কিয় হয়? কি এই আশাৰে আমাক মা-দেউতাই ডাঙৰ কৰিছিল? নিজৰ সন্তানৰ মৰমৰ পৰা বঞ্চিত হৈ তেওঁলোকৰ মনত কিমান দুখৰ উৎপত্তি হয় সেইয়া জানো আমি অনুভৱ কৰোঁ ৷

বৃদ্ধ অৱস্থাত সকলো মানুহেই সৰু ল'ৰাৰ দৰে আচৰণ কৰে ৷ মৰম, আদৰ কামনা কৰে ৷ জীৱনটো গঢ়ি দিয়াৰ তেওঁলোকে বিনিময় নিবিচাৰে, কিন্তু নিজ সন্তানৰ পৰা অলপ মৰম আৰু আশ্ৰয় বিচাৰে ৷ সেইখিনি দিবলৈও অপাৰগ হোৱা সন্তানে নিজৰ সন্তানক কেনেকৈ মানুহ হোৱাৰ শিক্ষা দিব?
বিজ্ঞানৰ যুগত সমাজ ব্যৱস্থাৰ পৰিবৰ্তন হৈছে সঁচা কথা কিন্তু মানুহৰ মানসিকতাৰ এনেধৰণৰ পৰিবৰ্তন হোৱাটো অনুচিত ৷ নিজৰ মাক-দেউতাকক অলপ সময়, অলপ মৰম দিবলৈ চেষ্টা কৰক ৷ পাহৰি গ'লে নহব যে এদিন আমাৰো তেনেদিন নাহিব আৰু আমাৰ সন্তানেও যদি তেনে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া?
কথাবোৰ যোগাত্মক ভাৱে ভাৱিবৰ হ'ল , নহ'লে সমাজৰ পৰা এদিন সংস্কাৰ, শিক্ষা , শ্ৰদ্ধা এই শব্দবোৰৰ কোনো মূল্য নিঃশেষ হৈ যাব ৷

2 Comments

Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব