গাঁৱত কৰিব পৰা ১৯ বিধ ব্যৱসায়

 

আৰম্ভণি: 

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, আপোনালোক সকলোকে puhorbisarijau.in ব্লগলৈ স্বাগতম জনালোঁ। আজি গাঁৱত কৰিব পৰা কিছুমান ব্যৱসায়ৰ বিষয়ে লিখিবলৈ আগবাঢ়িছো। কিয়নো গাঁৱত বসবাস কৰা নিবনুৱা যুৱক-যুৱতী, পুৰুষ-মহিলা বেছিভাগেই নিজৰ গাঁৱতে থাকি স্বাৱলম্বীতাৰ বাট বিচাৰে, কি কৰিব, কি ব্যৱসায় তেওঁৰ বাবে উপযুক্ত, ইত্যাদি চিন্তাই আকৌ এখোজ পিছুৱাই নিয়ে। সেয়ে মই এই লেখাটিত গাঁৱত আৰম্ভ কৰিব পৰা ব্যৱসায়ৰ কিটিপ আগবঢ়াইছো। এই লেখা পঢ়ি আপোনালোকে ব্যৱসায়ৰ সম্পৰ্কে এক আভাষ পাব পাৰে।

বীজ আৰু সাৰৰ ব্যৱসায়: 

         গাঁৱত প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী সমূহৰ ভিতৰত কৃষি উৎপাদনৰ বাবে বীজ আৰু সাৰৰ গুৰুত্ব অধিক। বীজ বছৰৰ ১২ মাহে খেতিয়ক সকলক প্ৰয়োজন হৈয়ে থাকে, তেনে স্থলত গাঁৱত উন্নত মানদণ্ডৰ বীজৰ দোকান খুলিব পাৰে, লগতে পচন সাৰ, কেঁচু সাৰ ইত্যাদি উৎপাদন কৰি বিক্ৰী কৰিব পাৰে। সাৰৰ ব্যৱসায়ত ঘৰুৱাভাৱে তৈয়াৰী কৰা পচন সাৰ, কেঁচু সাৰৰ উপৰিও খেতিয়কৰ প্ৰয়োজন অনুসৰি ইউৰিয়া, পটাচ সাৰ, জিংক, NPK, MOP, DAP ইত্যাদি ৰাসায়নিক সাৰ বিক্ৰী কৰিব পাৰে।

কাঠফুলাৰ খেতি:

         কাঠফুলাৰ খেতি কৰি গাঁৱত টকা উপাৰ্জন কৰা পথ মুকলি কৰিব পাৰে। ২০০৪ (2004) চনত Clearance Foundation নামৰ এটা সংস্থাই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। বিষয় আছিল - দৰিদ্ৰতা দূৰ কৰা পৃথিৱীৰ সকলোতকৈ শক্তিশালী উপায়। পুৰস্কাৰ আছিল ১৫ হাজাৰ ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় - ১০ লাখ টকা) । এই প্ৰতিযোগিতাত বহু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, প্ৰতিযোগিতাত জয়ী হৈছিল অসমৰ উদ্যোগী প্ৰাঞ্জল বৰুৱা। দৰিদ্ৰতা দূৰ কৰা সকলোতকৈ শক্তিশালী উপায় - কাঠফুলাৰ খেতিৰ সম্পৰ্কে বৰুৱা ডাঙৰীয়াই বৰ্ণনা কৰি জয়ী হৈছিল।

                          কাঠফুলা খেতিত আগবাঢ়িবলৈ হলে প্ৰশিক্ষণ লৈ আগবাঢ়িব পাৰে। কাঠফুলাৰ খেতি আৰম্ভ কৰিবলৈ ১০ হাজাৰৰ পৰা ৩০ হাজাৰ টকা প্ৰয়োজন হব পাৰে।

শাক-পাচলি আৰু  ফল-মূলৰ খেতি:

           (ক) শাক-পাচলিৰ খেতি: নিতৌ শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে দেশৰ জনগণক জুৰুলা কৰি আহিছে। যোগানৰ তুলনাত চাহিদা পূৰণ কৰিবলৈ অসমৰ্থ হৈছে। সেয়ে গাঁৱৰ শাক-পাচলিৰ বজাৰ দখল কৰিবলৈ জৈৱিকভাৱে শাক-পাচলিৰ খেতি আৰম্ভ কৰিব পাৰে। আজিকালি বজাৰত উপলব্ধ শাক-পাচলি সমূহত অত্যাধিক পৰিমাণত ৰাসায়নিক বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত মানুহৰ দেহত নানান ৰোগে দেখা দিছে। জৈৱিকভাৱে কৰা কৃষিৰ ফচলে মানুহৰ দেহৰ কোনো অপকাৰ নকৰে আৰু জৈৱিকভাৱে কৰা শাক-পাচলিৰ চাহিদা অধিক। ভেন্দি, জাতিলাও, কোমোৰা, ৰঙালাও, বিন, ডাংবডী, বিলাহী, ভোট জলকীয়া, তিয়ঁহ, বেঙেনা, পটল, বন্ধাকবি, কেপচিকাম আদিৰ খেতি কৰিব পাৰে।

         (খ) ফল-মূলৰ খেতি: গাঁৱত কৰিব পৰা ফল-মূলৰ খেতিৰ ভিতৰত ষ্ট্ৰবেৰী খেতি, ড্ৰেগন ফলৰ খেতি, কলৰ খেতি, আনাৰসৰ খেতি, অমিতা, ডালিম ইত্যাদিৰ খেতি কৰিব পাৰে। ফল-মূল, শাক-পাচলি ইত্যাদিৰ খেতিত যথেষ্ট ধৈৰ্য, উপযুক্ত প্ৰশিক্ষণ আদিৰ প্ৰয়োজন।

পশু পালন:

        (ক) হাঁহ-কুকুৰা পালন: গাঁৱত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হবলৈ হাঁহ-কুকুৰা উৎপাদন কৰিব পাৰে। মাংসৰ বাবে হাঁহ-কুকুৰা উৎপাদন কৰা লগতে কণীৰ বাবেও উৎপাদন কৰিব পাৰে।

       (খ) মীন পালন: মাছ উৎপাদন কৰিও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হব পাৰে। মাছ উৎপাদন কৰিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আগবাঢ়িব পাৰে। যদি পৰ্য্যাপ্ত পৰিমাণৰ মাটি আছে তেন্তে পুখুৰী খান্দি মীন পালনৰ বাবে আগবাঢ়িব পাৰে।

       (গ) গৰু-ছাগলী পালন:
 
(১) গাই পালন:  গাখীৰ উৎপাদনৰ বাবে উন্নত জাতৰ গাই পালন কৰিব পাৰে। আজিকালি কি চহৰ, কি গাওঁ, সকলোতে মানুহ স্বাস্থ্যৰ প্ৰতি সজাগ-সচেতন হৈছে, গাখীৰৰ চাহিদা আগতকৈ বৃদ্ধি পাইছে। নিজাকৈ জাৰ্চি গাই পালন কৰি গাখীৰৰ লগতে পনীৰ, ঘিউ আদি প্ৰস্তুত কৰিব পাৰে। ঘৰুৱাভাৱে তৈয়াৰী কৰা এনেবোৰ খাদ্য সামগ্ৰীৰ বজাৰত চাহিদা সৰ্বাধিক।

(২) ছাগলী পালন: আজিকালি বজাৰত ছাগলী মাংসৰ দাম আৰু চাহিদা অধিক। আছাম হিল গ'ট, বীটল ছাগলী, বৰ্ণসংকৰ ছাগলী ইত্যাদি পালন কৰি আর্থিকভাৱে স্বাৱলম্বী হব পাৰে। যদি অসমৰ সকলো মানুহে ছাগলী গাখীৰৰ উপকাৰীতাৰ কথা জানে তেন্তে অসমত ছাগলী গাখীৰৰ চাহিদাও বৃদ্ধি পাব, কাৰণ ছাগলী গাখীৰত কেলচিয়াম, প্ৰ'টিন, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা পুষ্টি, স্নায়ু স্বাস্থ্যৰ বাবে উপকাৰী পুষ্টি আদি পোৱা যায়।

      (ঘ) গাহৰি পালন: গাহৰি পালন কৰি গাঁৱত আর্থিকভাৱে স্বাৱলম্বী হব পাৰে। এজনী গাহৰিয়ে বছৰত দুবাৰ ৮ ৰ পৰা ১০ টা পোৱালী দিয়ে। গাহৰি মাংসৰ লগতে গাহৰি পোৱালীও বিক্ৰী কৰিব পাৰে। কেইবিধমান উন্নত জাতৰ গাহৰি হৈছে - চেডেলবেক, লাৰ্জ ব্লেক, হেম্পচায়াৰ ইত্যাদি।

     (ঙ) মৌ পালন: বৰ্তমান সময়ত বজাৰত উপলব্ধ বিভিন্ন কোম্পানীৰ মৌতকৈ ঘৰুৱাভাৱে তৈয়াৰী মৌৰ চাহিদা অধিক। গাঁৱত স্বাৱলম্বীতাৰ অন্য এক পথ হব পাৰে মৌ পালন। মৌ পালন কৰাৰ আগতে প্ৰশিক্ষণ গ্ৰহণ কৰি আগবাঢ়িব লাগে। 

    (চ) পশু খাদ্যৰ ব্যৱসায়: আজিকালি প্ৰায় সমূহ গাঁৱতে ব্ৰইলাৰ ফাৰ্ম, মীন পালন, হাঁহ-কুকুৰা পালন, ছাগলী পালন, গাই পালন আদি দ্ৰুত গতিত বৃদ্ধি পাইছে। এই সমূহৰ বাবে অতি প্ৰয়োজনীয় বস্তু হৈছে - পশু খাদ্য। পশু খাদ্যৰ দোকান খুলি গাঁৱত ব্যৱসায় আৰম্ভ কৰিব পাৰে।

ফুলৰ খেতি:

          বজাৰত আজিকালি আগতকৈ ফুলৰ চাহিদা বৃদ্ধি পাইছে। চহৰ সমূহত এজোপা ফুলৰ গছ টাবৰ সৈতে ১৫০ ৰ পৰা ২৫০ টকা দামত বিক্ৰী হয়। গাঁৱত ভিন ভিন প্ৰজাতিৰ ফুলৰ খেতি, অন্যান্য মূল্যবান গছ যেনে - চেগুন, সাঁচি, মেহগণি, নাহৰ ইত্যাদিৰ নাৰ্ছাৰী স্থাপন কৰি আগবাঢ়িব পাৰে।

আচাৰৰ ব্যৱসায়:

             বৰ্তমান আচাৰ ব্যৱসায়ে স্বাৱলম্বীতাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। বজাৰত ঘৰুৱাভাৱে তৈয়াৰী আচাৰৰ চাহিদা অধিক। আচাৰ ব্যৱসায়ত আগবাঢ়িবলৈ FSSAI ৰ অনুজ্ঞাপত্ৰ লব লাগিব। বজাৰত ঘৰুৱাভাৱে তৈয়াৰী ভোট জলকীয়া আচাৰ, মিশ্ৰিত আচাৰ, জলফাই আচাৰ, আমৰ আচাৰ, কৰদৈ আচাৰ, নেমুটেঙা আচাৰ, খৰিচাৰ আচাৰ ইত্যাদিয়ে বজাৰ দখল কৰিছে।

চাহৰ দোকান, পান দোকান, মিঠাইৰ দোকান, বেকাৰী বিস্কুটৰ ব্যৱসায় :

(ক)  গ্ৰামাঞ্চলৰ যিসমূহ ঠাইত বজাৰ বহে, যি সমূহ ঠাইত মানুহ একগোট হয়, স্কুল কলেজৰ ওচৰত বা সুবিধা অনুসৰি নিজা পছন্দ ঠাইত চাহৰ দোকান আৰম্ভ কৰিব পাৰে। 

(খ) পান দোকান চাহৰ দোকানৰ লগতে আৰম্ভ কৰিব পাৰে বা নিজৰ সুবিধা অনুসৰি কেৱল পান দোকান খুলিব পাৰে।
 
(গ)  গাওঁ সমূহত মিঠাই পোৱা নাযায় বুলি কলেও এক প্ৰকাৰৰ ভুল কোৱা নহব, কিছু কিছু গ্ৰামাঞ্চলতহে মিঠাই পোৱা যায়। চাহৰ দোকানৰ লগত প্ৰথমে পৰীক্ষামূলক ভাবে মিঠাই দোকান আৰম্ভ কৰিব পাৰে।

(ঘ) বেকাৰী বিস্কুটৰ ব্যৱসায়ত আগবাঢ়িবলৈ হ'লে - প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন, ক্ৰমে FSSAI অনুজ্ঞাপত্ৰ লব লাগিব, বেকাৰী বিস্কুটৰ নিজা কোম্পানীৰ নাম পঞ্জীয়ন, বিস্কুট তৈয়াৰ কৰিবলৈ সঁজুলি সমূহ আদি লৈ আগবাঢ়িব পাৰে। বেকাৰী বিস্কুট বিক্ৰী কৰিবলৈ দোকান, হোটেল আদি সমূহত বিতৰণ, মাৰ্কেটিং আদি কৰিব লাগিব।

গেলামালৰ দোকান: 

            গেলামাল সামগ্ৰীৰ দোকানে গ্ৰামাঞ্চলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গেলামাল সামগ্ৰী যেনে - আটা, চেনী, নিমখ, হালধি, বিস্কুট, আলু, পিয়াজ, নহৰু, চাউল, দাইল, মিঠাতেল, ৰিফাইন তেল, পাউদাৰ, ক্ৰীম, চেম্পু, নাৰিকল তেল ইত্যাদি মানুহৰ দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয়। নিজৰ সুবিধা অনুসৰি স্থান নিৰ্বাচন কৰি দোকান এখন খুলি আগবাঢ়িব পাৰে। 

ইলেকট্ৰনিক সামগ্ৰীৰ দোকান:

             ইলেকট্ৰনিক সামগ্ৰীৰ দোকান আৰু গাঁৱত! বিক্ৰী হব জানো? দোকান চলিব জানো? ইত্যাদি নানান প্ৰশ্ন আহিব পাৰে। কিন্তু আগবাঢ়িব কেনেকৈ? এটা সময়ত সেই গাঁওখন উন্নত নহব জানো? হব, আপুনি আগবাঢ়িব লাগিব। গাঁৱৰ ৰাইজৰ ইলেকট্ৰনিক সামগ্ৰীৰ প্ৰয়োজন হৈয়ে থাকে, যেনে - লাইটৰ বাল্ব, চিলিং ফেন, ষ্টেণ্ড ফেন, টেবুল ফেন, লাইটৰ নানান মডেল, চুইছ বৰ্ড, সকলো প্ৰকাৰৰ ৱায়াৰ, পানী মটৰ, Inverter Battery, বেটেৰী পানী, বিভিন্ন ইলেকট্ৰনিক সৰু সৰু সামগ্ৰী। দোকানৰ ইলেকট্ৰনিক সামগ্ৰী সমূহ আপডেট কৰি থাকিব লাগিব, তেতিয়াহে মানুহৰ আকৰ্ষণ বৃদ্ধি পাব আৰু মূল্য চহৰৰ দোকানৰ দৰে হব লাগিব, তেতিয়া চহৰলৈ অহাৰ পৰিবৰ্তে গাঁৱৰ ইলেকট্ৰনিক দোকানখনতে বজাৰ কৰিব পাৰে। গাঁৱত এখন ইলেকট্ৰনিক সামগ্ৰীৰ দোকান আৰম্ভ কৰিবলৈ হলে ইলেকট্ৰনিক সামগ্ৰী ভাল কৰিব জনা মেকানিক এজন বা দুজন ৰখা উচিত তেতিয়া গাঁওখনত ইলেকট্ৰনিক সামগ্ৰীৰ বিভিন্ন সমস্যা আদি পুনঃমেৰামতি কৰা আৰু পৰিস্থিতি সাপেক্ষে নতুন স্থাপন কৰা আদি দোকানৰ পৰাই দিব পাৰিব।

কাপোৰ চিলাই কৰা দোকান:

             আজিকালি গাঁও-চহৰ সকলোতে মানুহে দৈনন্দিন জীৱনশৈলীত নতুন কাপোৰ পৰিধান কৰি ভাল পাই। বিশেষকৈ মহিলা সকলৰ মেখেলা চাদৰ চিলাই কৰা, স্কুল, কলেজৰ লৰা-ছোৱালীৰ সাজপাৰ চিলাই, নতুন বহল কাপোৰ ঠেক কৰি চিলাই কৰা আদি বিভিন্ন চিলাই কাম এখন কাপোৰ চিলাই কৰা দোকানত চলিয়েই থাকে। গাঁৱত এখন কাপোৰ চিলাই কৰা দোকান আৰম্ভ কৰিব পাৰে।

ফাৰ্মেচি: 

           ফাৰ্মেচি খুলিবলৈ Pharmacist ডিগ্ৰী থকাটো প্ৰয়োজন। গাঁও সমূহত ফাৰ্মেচি থকাটো সকলোৱে বিচাৰে। ফাৰ্মেচি এখনত জৰুৰীকালীন অৱস্থাত পোৱাকৈ ঔষধ ৰাখিব লাগে আৰু ৰোগীক ঘৰত গৈ বেজী দিয়া, চেলাইন দিয়া আদি সুবিধা ৰাখিব পাৰে। ফাৰ্মেচি কেৱল ব্যৱসায়ে নহয় ৰাইজৰ পৰা আশীৰ্বাদ পাব পাৰি ভালদৰে সেৱা আগবঢ়াব পাৰিলে। গ্ৰামাঞ্চলত ফাৰ্মেচি আৰম্ভ কৰিব পাৰে।

গাড়ী-মটৰ মেৰামতি কৰা দোকান: 

              গাঁৱৰ ৰাইজৰ সহায় হোৱাকৈ গাড়ী, মটৰ চাইকেলৰ পামচাৰ ঠিক কৰা, পাম্প দিয়া, গাড়ী মটৰ ধোৱা ব্যৱস্থা কৰা, ইঞ্জিন অইল, গিয়েৰ অইল, ব্ৰেক অইল সলনি কৰা আদি কৰি গাঁৱত এখন দোকান আৰম্ভ কৰিব পাৰে।

টিউচন:

        আপুনি যদি স্কুলীয়া পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰিব পাৰে তেন্তে ঘৰতে টিউচন আৰম্ভ কৰিব পাৰে। পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অংক, ইংৰাজী, বিজ্ঞান আদি বিষয়ৰ টিউচন কৰিব পাৰে। গাঁৱত বৰ্তমান সময়ত টিউচনো হব পাৰে স্বাৱলম্বীতাৰ এক পথ।

হস্তশিল্প: 

       গাঁৱত বাঁহ-বেতেৰে তৈয়াৰী সামগ্ৰী যেনে পাচি, খৰাহী, ধৰা, চালনি, বিচনী, চকী, বিভিন্ন ধৰণৰ ড্ৰয়িং ৰুমত সজোৱা সামগ্ৰী আদি, তাঁতশালত বোৱা কাপোৰ যেনে - গামোচা, চাদৰ, মেখেলা আদিৰ বৃহৎ বজাৰ আছে। এইসমূহ কাম কৰি গাঁৱতে স্বাৱলম্বীতাৰ বাট মুকলি কৰিব পাৰি। আজিকালি দেশ-বিদেশতো এনে সামগ্ৰী সমূহৰ চাহিদা অধিক বৃদ্ধি পাইছে। 

মোবাইল মেৰামতি কৰা দোকান: 

        মোবাইল মেৰামতি কৰা দোকান চহৰত বহুতো থাকে কিন্তু গাঁৱত প্ৰায় নাথাকেই বুলিব পাৰি। মোবাইল মেৰামতি কৰা দোকান গাঁৱত স্থাপন কৰিবলৈ হলে পোন প্ৰথমে প্ৰশিক্ষণ গ্ৰহণ কৰি মোবাইল মেৰামতি কৰা সঁজুলি যোগাৰ কৰি আগবাঢ়িব লাগিব। মোবাইলৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ আদি মেৰামতি, মোবাইলৰ কভাৰ, টেম্পাৰ গ্লাছ, মোবাইলৰ চাৰ্জাৰ, হেডফোন, মেমৰী কাৰ্ড, ভিডিঅ' তৈয়াৰ কৰা ৰিং লাইট, Earbuds, পাৱাৰ বেংক আদি ৰাখিব পাৰে।

চেলুন: 

       এই ব্যৱসায়ত অধিক বিনিয়োগৰ প্ৰয়োজন নাই। গাঁৱত এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। আজিকালি বহুতো অসমীয়া ডেকাই চেলুনৰ ব্যৱসায় কৰিছে। প্ৰশিক্ষণ গ্ৰহণ কৰি চেলুন এখন গাঁৱতে খুলিব পাৰে। 

ধান কুটুৱা মিল আৰু পিঠা খুন্দা মিল:

          গাঁৱত যিহেতু খেতিয়েই প্ৰধান জীৱিকা। ধান খেতি চপাই যেতিয়া মিললৈ ধান কুটাবলৈ (ধান বনা) যাব, সেই সময়ত আপুনি সহায় কৰিব পাৰে এটা ধান কুটুৱা মিল স্থাপন কৰি। ধান কুটুৱা লগতে পিঠা খুন্দা মিল স্থাপন কৰিব পাৰে। গাঁৱত ধান বনা, পিঠা খুন্দা আদি চলিয়েই থাকে, গতিকে এই ব্যৱসায়ত আগবাঢ়িব পাৰে।

হাৰ্ডৱেৰ দোকান: 

      গাঁও সমূহলৈ গলে আগৰ দিনৰ গাঁও আৰু আজিকালিৰ গাঁৱৰ মাজত পাৰ্থক্য দেখিবলৈ পাব - আগতে কেঁচা বাট-পথ, কেঁচা ঘৰ, পদূলি আছিল, লাহে লাহে সময়ৰ সোঁতত গাঁও সমূহত পকী পথ, পকী ঘৰ লগত পদূলিলৈকে কংক্ৰিট। বৰ্তমানেও গ্ৰামাঞ্চল সমূহ উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে বুলিব পাৰি। গাঁৱত এখন হাৰ্ডৱেৰ দোকান খুলিব পাৰে। ইটা, বালি, চিমেণ্ট, শিল, ৰদ, তাৰ, টাইলছ, পাইপ, ঘৰ সজা কামত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী ৰাখিব পাৰে। 

সামৰণি: 

       এই লিখনিত গাঁৱত কৰিব পৰা ব্যৱসায়ৰ কিটিপ আগবঢ়াবলৈ চেষ্টা কৰিলো। গাঁৱত থাকি আৰ্থিক ভাৱে আগুৱাই যাবলৈ হলে ওপৰত উল্লেখিত ব্যৱসায় আৰম্ভ কৰিব পাৰে কিন্তু পেছাদাৰী লোকৰ পৰামৰ্শ লৈ আগবাঢ়িব। ব্যৱসায় কৰিবলৈ সাহস, ধৈৰ্য আদিৰ প্ৰয়োজন লগতে ব্যৱসায় আৰম্ভ খৰ-ধৰকৈ নকৰি কি ব্যৱসায় আপোনাৰ বাবে গ্রহণযোগ্য আৰু পাৰিম বুলি আত্মবিশ্বাস আছে তেনে ব্যৱসায়তহে আগবাঢ়িব, ধন্যবাদ।

Post a Comment

Previous Post Next Post