দশম শ্ৰেণীৰ অসমৰ ভূগোল কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ | SEBA


 ১/ অসমক কিয় উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়?

উত্তৰ:-   উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যখন ভাৰতৰ সাতখন ৰাজ্য আৰু দুখন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এই ৰাজ্যখনৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু বিদেশী ৰাষ্ট্ৰ ভূটান, দক্ষিণে মিজোৰাম আৰু মেঘালয়, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ আৰু পশ্চিমে আছে পশ্চিমবংগ, ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশ। উল্লেখযোগ্য যে অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশত প্ৰায় ৫০ কিলোমিটাৰ প্ৰস্থৰ ঠেক ভূখণ্ডৰ দ্বাৰা পশ্চিমবংগৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। অৰ্থাৎ ভাৰতৰ লগত সমগ্র উত্তৰ-পূব অঞ্চলটো অসমৰ ভূখণ্ডৰ দ্বাৰা সংযোগ হৈছে আৰু এনে অৰ্থতে অসমক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়।

২/ অসমৰ অৱস্থিতি কিমান?

উত্তৰ:-   অসমৰ অৱস্থিতি ২৪°০৯′ উত্তৰ অক্ষাংশৰ পৰা ২৭°৫৮′ উত্তৰ অক্ষাংশলৈ আৰু ৮৯°৪২′ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬°০১′ পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে।

৩/ অসমে ভাৰতবৰ্ষৰ কিমান মাটিকালি সামৰি আছে?

উত্তৰ:-   অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ অৰ্থাৎ প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি লৈছে।

৪/ ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:-   ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৬ শতাংশ লোকে অসমত বাস কৰি আছে। অসমৰ মুঠ জনসংখ্যা হৈছে - ৩১২.০৫ লাখ আৰু ইয়াৰে ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা।

৫/ ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্য মতে অসমৰ শিক্ষিতৰ হাৰ কিমান আছিল?

উত্তৰ:-   অসমৰ শিক্ষিতৰ হাৰ ২০০১ চনত আছিল ৬৩.২৫ শতাংশ আৰু ২০১১ চনত ৭২.১৯ শতাংশলৈ বৃদ্ধি হয়।

৬/ ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্য মতে অসমৰ লিংগ অনুপাত কিমান আছিল?

উত্তৰ:-   অসমৰ লিংগ অনুপাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা লক্ষ্য কৰিলে দেখা যায় যে ২০০১ চনত লিংগ অনুপাত আছিল ৯৩৫ আৰু এই অনুপাত ২০১১ চনত ৯৫৮ লৈ বৃদ্ধি পাইছে। এই তথ্যৰ পৰা বুজা গৈছে যে অসমত কন্যা শিশুৰ জন্মৰ হাৰ সামান্যভাৱে বৃদ্ধি হৈছে।

৭/ ভাৰতৰ লোকপিয়ল ২০০১ চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে গাঁৱত বাস কৰিছিল আৰু ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে কিমান শতাংশলৈ হ্ৰাস পাইছে?

উত্তৰ:-   ভাৰতৰ লোকপিয়ল ২০০১ চনৰ তথ্য মতে, অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮৭ শতাংশ লোকে গাঁৱত বাস কৰিছিল। কিন্তু ২০১১ চনত গাঁৱত বাস কৰা লোকৰ সংখ্যা ৮৫.৯০ শতাংশলৈ হ্ৰাস পাইছে।


৮/ অসমৰ নগৰীয়া জনসংখ্যা ২০০১ চনৰ পৰা ২০১১ চনলৈ ভাৰতৰ লোকপিয়লৰ তথ্য মতে কিমান শতাংশৰ পৰা কিমান শতাংশলৈ বৃদ্ধি হৈছে?

উত্তৰ:-   অসমৰ নগৰীয়া জনসংখ্যা ২০০১ চনৰ ১২.৯০ শতাংশৰ পৰা ২০১১ চনত ১৪.০৯ শতাংশলৈ বৃদ্ধি পাইছে।

৯/ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ নগৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে?

উত্তৰ:-   ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত ৭ খন প্ৰথম শ্ৰেণীৰ নগৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে।

১০/ ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম কি?

উত্তৰ:-   গুৱাহাটী। ৰাজধানী চহৰ গুৱাহাটী ৯,৬৮,৫৪৯ জন নগৰীয়া লোকৰ জনসংখ্যাৰে অসমৰ আটাইতকৈ জনবহুল নগৰী হিচাবে পৰিগণিত হৈছে।

১১/ ২০১১ চনৰ তথ্য মতে অসমৰ ৭ খন প্ৰথম শ্ৰেণীৰ নগৰৰ নাম কি কি?

উত্তৰ:-   ১/ গুৱাহাটী ( জনসংখ্যা - ৯,৬৮,৫৪৯)
২/ শিলচৰ ( জনসংখ্যা - ২,২৮,৯৮৫)
৩/ ডিব্ৰুগড় ( জনসংখ্যা - ১,৫৪,০১৯)
৪/ যোৰহাট ( জনসংখ্যা - ১,৫৩,২৪৯)
৫/ নগাঁও ( জনসংখ্যা - ১,৪৭,১৩৭)
৬/ তিনিচুকীয়া ( জনসংখ্যা - ১,২৫,৬৩৭)
৭/ তেজপুৰ ( জনসংখ্যা - ১,০০,৪৭৭) ।

১২/ ২০১১ চনৰ তথ্য মতে অসমৰ ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ নাম কি কি?

উত্তৰ:-   ১/ ধুবুৰী ( জনসংখ্যা - ৬৫,৭৫৬)
২/ ডিফু ( জনসংখ্যা - ৬৩,৬৫৮)
৩/ উত্তৰ লখিমপুৰ ( জনসংখ্যা - ৫৯,৭৯৩)
৪/ কৰিমগঞ্জ ( জনসংখ্যা - ৫৭,৫৮৫)
৫/ শিৱসাগৰ ( জনসংখ্যা - ৫৫,৫৯৫)
৬/ গোৱালপাৰা ( জনসংখ্যা - ৫৩,৪৫৫) ।

১৩/ কি পদ্ধতিৰে নগৰসমূহক প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীত ভাগ কৰা হয়?

উত্তৰ:-   লোকপিয়লৰ তথ্য মতে ১ লাখ বা ততোধিক জনসংখ্যাৰ নগৰক প্ৰথম শ্ৰেণীৰ আৰু ৫০ হেজাৰৰ পৰা ১ লাখৰ তলৰ জনসংখ্যাৰ নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ বুলি ধৰা হয়।

 ১৪/ অসমৰ জনসংখ্যাৰ ঘনত্ব সম্পৰ্কে লিখা।

উত্তৰ:-   ভাৰতৰ লোকপিয়লৰ তথ্যমতে কুৰি শতিকাৰ আৰম্ভণিতে ১৯০১ চনত অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৪২ জন। সময়ৰ লগে লগে জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘনত্বও বৃদ্ধি পাবলৈ ধৰিলে আৰু ১৯৪১ চনত জনসংখ্যাৰ ঘনত্ব ১৯০১ চনৰ তুলনাত দুগুণে বৃদ্ধি পালে ( প্ৰতি বৰ্গ কিলোমিটাৰত ৮৫ জন )। স্বাধীনতাৰ ঠিক পিছতে অৰ্থাৎ ১৯৫১ চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১০২ জনলৈ বৃদ্ধি পালে। ইয়াৰ পৰৱৰ্তী কালছোৱাত জনসংখ্যাৰ ঘনত্ব যথেষ্ট বৃদ্ধি পায়। ১৯৯১ চনত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৮৬ জন, ২০০১ চনত ৩৪০ জন আৰু ২০১১ চনত ৩৯৮ জনলৈ বৃদ্ধি হৈছে।

 ১৫/ অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ সম্পৰ্কে লিখা।

উত্তৰ:-   অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে মূলতঃ দুটা। ইয়াৰে এটা হৈছে জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন।  অৱশ্যে ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধিতকৈ জনপ্ৰব্ৰজনৰ অৰিহণা অধিক। জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পাৰ্থক্য নাই। ইয়াৰ অর্থ এইটোৱেই যে অসমৰ জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধিৰ ফলত ৰাজ্যখনত যি হাৰত জনসংখ্যা বাঢ়িছে সেই প্ৰায় একেই হাৰত ভাৰতবৰ্ষৰ জনসংখ্যাও বৃদ্ধি পাইছে। গতিকে বৰ্তমান সময়ত অধিক মাত্ৰাত হোৱা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই কথা প্ৰতিপন্ন হৈছে যে যদি অসমলৈ বুজন পৰিমাণে জনপ্ৰব্ৰজন নঘটিলহেঁতেন, তেনেহলে অসমৰ জনসংখ্যা স্বাভাৱিকভাৱেই বৃদ্ধি হৈ থাকিলহেঁতেন। সেয়েহে জনপ্ৰব্ৰজন অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্ৰধান কাৰণ বুলি চিহ্নিত হৈছে।
    ব্ৰিটিছে দেশৰ শাসনভাৰ লোৱাৰ সময়ৰ পৰা অৰ্থাৎ ১৮২৬ চনৰ পৰা অসমলৈ কম পৰিমাণে জনপ্ৰব্ৰজন হৈ আছিল। কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰ পৰা অধিক সক্ৰিয় ৰূপত ৰাজ্যখনলৈ জনপ্ৰব্ৰজন হ'বলৈ ধৰিলে। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত বহু সংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূব পাকিস্তান ( বৰ্তমানৰ বাংলাদেশ )ৰ পৰা অসমলৈ প্ৰব্ৰজন কৰে। আকৌ ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত (১৯৫১-২০০১) অসমৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে। এই কালছোৱাত দেশৰ জনসংখ্যাৰ ১৮৫ শতাংশ বৃদ্ধিৰ বিপৰীতে অসমৰ জনসংখ্যা প্ৰায় ২৩২ শতাংশ বৃদ্ধি পাইছিল। জনসংখ্যাৰ এই অস্বাভাৱিক বৃদ্ধিৰ মূল কাৰণ হৈছে বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্ৰৱেশ। অৱশ্যে আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত হ্রাস পোৱা মৃত্যুৰ হাৰৰ প্ৰভাৱতো জনসংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে। অতি সম্প্ৰতি অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হ'ল - যে, বৰ্তমান সময়ত ৰাজ্যখনত মন্থৰ গতিৰে জন্মৰ হাৰ হ্ৰাস পাইছে আৰু বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশৰ মাত্ৰা আংশিকভাৱে কমি গৈছে।

১৬/ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম ৰাজ্যখনৰ কি কি কাৰণৰ ফলত প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে প্ৰব্ৰজনকাৰীসকলক আকৰ্ষণ কৰিছিল?

উত্তৰ:-   ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম ৰাজ্যখনৰ বিশেষ ভৌগোলিক অৱস্থানৰ বাবে ইয়াৰ উত্তৰ, পূব, দক্ষিণ আৰু পশ্চিম দিশৰ পৰা নানা জনগোষ্ঠী আৰু ভাষা-ভাষীৰ লোকৰ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে এই ৰাজ্যলৈ আগমন ঘটি আছে। অসমৰ মনোমোহা প্ৰাকৃতিক পৰিবেশ, প্ৰাচুৰ্যৰে ভৰা জলসম্পদ, নদী উপত্যকাৰ সাৰুৱা মাটি, প্ৰচুৰ বৰষুণ আৰু নানা প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ অৱস্থিতিয়ে প্ৰব্ৰজনকাৰীসকলক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল।

১৭/ কিয় অসম বৰ্তমান ভাৰতবৰ্ষৰ এখন অন্যতম বৈচিত্ৰ্যময় ৰাজ্য?

উত্তৰ:-   প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে প্ৰব্ৰজনকাৰীসকল অসমলৈ বিভিন্ন কাৰণ যেনে - ভৌগোলিক অৱস্থান, মনোমোহা প্ৰাকৃতিক পৰিবেশ, নদী উপত্যকাৰ সাৰুৱা মাটি, প্ৰচুৰ বৰষুণ, উদ্ভিদৰ অৱস্থিতি, প্ৰাচুৰ্যৰে ভৰা জলসম্পদ, নানা প্ৰজাতিৰ জীৱ-জন্তু ইত্যাদিৰ বাবে প্ৰব্ৰজন কৰিছিল। সেয়েহে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল। ফলত অসমত নানা ধৰ্ম, ভাষা, সংস্কৃতি আৰু জাতি-জনগোষ্ঠীৰ লোকৰ সমাগম হৈছিল। বৰ্তমান অসম ভাৰতবৰ্ষৰ এখন অন্যতম বৈচিত্ৰ্যময় ৰাজ্য। অসমৰ জলবায়ু, প্ৰাকৃতিক পৰিবেশ আৰু অৰ্থ-সামাজিক অৱস্থা অঞ্চলভেদে ভিন ভিন হোৱাৰ দৰে বহুৰঙী কৃষ্টি-সংস্কৃতিৰ মিলন ভূমি এই ৰাজ্যখনত ধৰ্মীয়, জনগোষ্ঠীয় আৰু ভাষিক ভিন্নতাই বিৰাজ কৰিছে। এনে ভিন্নতা আৰু বিচিত্ৰতাই হৈছে অসমৰ প্ৰধান বৈশিষ্ট্য আৰু ই অসমীয়া সমাজ আৰু সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিছে।

১৮/ অসমলৈ নানা ঠাইৰ পৰা বিভিন্ন সময়ত ঘটা জনপ্ৰব্ৰজনক কেনেকৈ চিনাক্ত কৰিব পাৰি?

উত্তৰ:-   অসমলৈ নানা ঠাইৰ পৰা বিভিন্ন সময়ত ঘটা জনপ্ৰব্ৰজনক একো-একোটা জনস্রোত হিচাবে চিনাক্ত কৰিব পাৰি।

১৯/ সমাজবিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ অসমলৈ আগমন ঘটা প্ৰথমটো জনস্রোত কি আছিল?

উত্তৰ:-   সমাজবিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ অসমলৈ আগমন ঘটা প্ৰথমটো জনস্রোত আছিল অষ্ট্ৰিক (Austric) জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ-পূব এছিয়াৰ পৰা আহিছিল। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বিস্তৃতভাৱে বাস কৰা খাছিয়া আৰু জয়ন্তীয়াসকল এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। এই লোকসকলৰ কিছু সংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰি আছে। কিছু সংখ্যক জয়ন্তীয়ালোক অৱশ্যে মেঘালয়ৰ সীমাৰ কাছাৰ জিলাত পোৱা যায়।

২০/ অসমলৈ আগমন ঘটা আহোম জনগোষ্ঠীৰ বিষয়ে লিখা।

উত্তৰ:-   অসমলৈ আগমন ঘটে এটা অতি গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে আহোমসকল। আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্ৰথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্ৰায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্ৰতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

২১/ অষ্ট্ৰিকসকলৰ পিছত অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্রোত কি আছিল?

উত্তৰ:-   অষ্ট্ৰিকসকলৰ পিছত অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্রোত আছিল তিৰ্বতীয়-বৰ্মণ ভাষা কোৱা (Tibeto - Burman) মংগোলীয়সকল। এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ বিভিন্ন ঠাইত থিতাপি লৈছিলহি।


২২/ বৰ্তমান সময়ত অসমত বাস কৰা কোনসকল লোকৰ বাহিৰে প্ৰায় সকলো জনজাতি মূলতঃ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত?

উত্তৰ:-   বৰ্তমান সময়ত অসমত বাস কৰা খাছিয়া লোকসকলৰ বাহিৰে প্ৰায় সকলো জনজাতি মূলতঃ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত।

২৩/ অসমৰ পৰ্বত-ভৈয়ামৰ বিভিন্ন অঞ্চলত বাস কৰি থকা মংগোলীয় জনগোষ্ঠীৰ প্ৰধান জনজাতিসকল কি কি?

উত্তৰ:-   অসমৰ পৰ্বত-ভৈয়ামৰ বিভিন্ন অঞ্চলত বাস কৰি থকা মংগোলীয় জনগোষ্ঠীৰ প্ৰধান জনজাতিসকল হৈছে - বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, মেছ, সোণোৱাল কছাৰী, কাছাৰৰ বৰ্মণ, গাৰো, মাৰ, ডিমাছা কছাৰী, কাৰ্বি, ৰেংমা নগা, জেমি নগা, কুকি আৰু হাজং।

২৪/ ভৈয়াম জনজাতি হিচাপে কোনসকল জনজাতিক স্বীকৃতি দিয়া হৈছে?

উত্তৰ:-   ভৈয়াম জনজাতি হিচাপে ৰাভা, দেউৰী, বড়ো, তিৱা, মিচিং, মেছ, সোণোৱাল কছাৰী আৰু কাছাৰৰ বৰ্মণসকলক ভৈয়াম জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে।

২৫/ পাৰ্বত্য জনজাতি হিচাপে কোনসকল জনজাতিক স্বীকৃতি দিয়া হৈছে?

উত্তৰ:-   পাৰ্বত্য জনজাতি হিচাপে কুকি, কাৰ্বি, মাৰ, ডিমাছা কছাৰী, হাজং, গাৰো, ৰেংমা আৰু জেমি নগাসকলক পাৰ্বত্য জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে।

২৬/ অসমত বাস কৰা কোঁচ-ৰাজবংশীসকলো মূলতঃ কি জনগোষ্ঠীৰ লোক?

উত্তৰ:-   অসমত বাস কৰা কোঁচ-ৰাজবংশীসকলো মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক।

২৭/ অসমত মংগোলীয় জনগোষ্ঠীৰ লোকসকলৰ বিতৰণৰ সম্পৰ্কে লিখা।

উত্তৰ:-   অসমত মংগোলীয় জনগোষ্ঠীৰ লোকসকলৰ বিতৰণলৈ লক্ষ্য কৰিলে দেখা যায় যে, তেওঁলোকে সমভূমিত, নদ-নদীৰ পাৰত, পাহাৰৰ পাদদেশ আৰু পাহাৰৰ ঢালত বসবাস কৰে। এই জনজাতিসকলৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা বড়োসকল অসমৰ বৃহৎ জনজাতি হিচাপে পৰিগণিত হৈছে। বড়োসকলে অসমৰ প্ৰায় সকলো অঞ্চলতে কম-বেছি পৰিমাণে বসতি কৰি আছে যদিও প্ৰধানকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাত আৰু দৰং আৰু শোণিতপুৰ জিলাৰ উত্তৰ অঞ্চলত বড়োসকলৰ বসতি বিস্তৃতভাৱে দেখা যায়। মিচিং (জনসংখ্যাৰ ভিত্তিত) অসমৰ দ্বিতীয় বৃহৎ জনজাতি। মিচিং সকলে সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বসবাস কৰে। অসমৰ প্ৰধানকৈ লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু শোণিতপুৰ জিলাৰ নদী কাষৰীয়া অঞ্চলত মিচিং সকলৰ বসতি পৰিলক্ষিত হয়। ৰাভা জনজাতিৰ লোকসকল অসমৰ কিছুমান ঠাইত সিঁচৰতি হৈ আছে যদিও প্ৰধানকৈ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত বসবাস কৰা দেখা যায়। তিৱা (লালুং) সকলে প্ৰধানকৈ মধ্য অসমৰ মৰিগাঁও আৰু নগাঁও জিলাৰ উপৰিও কামৰূপ জিলাৰ সোণাপুৰ অঞ্চল, ধেমাজি জিলাৰ ধেমাজি অঞ্চল আৰু যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত বসবাস কৰিছে। দেউৰীসকলৰ বসতি প্ৰধানকৈ লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট জিলাত দেখা যায়। সোণোৱাল কছাৰীসকলৰ বসতি উজনি অসমৰ প্ৰধানকৈ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট আৰু গোলাঘাট জিলাত বিস্তৃত হৈ আছে। মেছসকল জনসংখ্যাত কম আৰু এওঁলোকে গোৱালপাৰা জিলাৰ দক্ষিণ শালমৰা আৰু ডিব্ৰুগড় জিলাৰ খোৱাং আৰু কাৰ্বি আংলং জিলাৰ পাৰখোৱা অঞ্চলত বসবাস কৰি আছে। কাছাৰৰ বৰ্মনসকলৰ বসতি স্থল হৈছে প্ৰধানকৈ বৰাক উপত্যকা। অৱশ্যে এওঁলোকৰ কিছুসংখ্যক লোক ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো সিঁচৰতি হৈ থকা দেখা যায়। আনহাতে, সমগ্র কাৰ্বি আংলং জিলাখন হৈছে কাৰ্বি সকলৰ বাসভূমি। জনসংখ্যাৰ ফালৰ পৰা কাৰ্বি অসমৰ তৃতীয় বৃহৎ জনজাতি। কাৰ্বি আংলং জিলাখনৰ বাহিৰেও কিছু সংখ্যক কাৰ্বিলোকে কামৰূপ, শোণিতপুৰ, নগাঁও আৰু ডিমা হাছাও জিলাত বসতি কৰা দেখা যায়। ডিমাছা কছাৰী জনজাতিৰ লোকসকলে সমগ্র ডিমা হাছাও জিলাখনৰ উপৰিও কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ কোনো কোনো অঞ্চলত বসবাস কৰি আছে। গাৰোসকলে মেঘালয়ৰ গাৰো পাহাৰৰ সীমামূৰীয়া ধুবুৰী, গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণাংশত প্ৰধানকৈ বসতি কৰা দেখা যায়। কুকি লোকসকলে ডিমা হাছাও জিলাত বসতি স্থাপন কৰিছে। জনসংখ্যাৰ ফালৰ পৰা ডিমা হাছাও জিলাত কুকি এটা অন্যতম উল্লেখযোগ্য জনজাতি। মাৰ জনজাতিৰ লোকসকল সংখ্যাত কম আৰু তেওঁলোকে প্ৰধানকৈ অসমৰ ডিমা হাছাও জিলাত বাস কৰে। হাজং সকলে প্ৰধানকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখনত বসবাস কৰে। অৱশ্যে মেঘালয়ৰ সীমাৰ গোৱালপাৰা জিলাত কিছু সংখ্যক হাজং লোকৰ বসতি আছে। ৰেংমা নগা জনজাতিৰ লোকসকলৰ সংখ্যা সীমিত আৰু তেওঁলোকৰ বসতিও সীমিত। এই জনগোষ্ঠীৰ লোকসকলে কাৰ্বি আংলং জিলাৰ উত্তৰে চকীহোলা আৰু দক্ষিণে বৰপথাৰৰ মাজৰ পাহাৰীয়া অঞ্চলত বসতি কৰি আছে। আনহাতে, জেমি নগাসকলে ডিমা হাছাও জিলাৰ উত্তৰ-পূব অংশত আৰু দক্ষিণ মাইবঙত বসতি কৰা দেখা যায়।

২৮/ অসমলৈ অহা আৰ্য্যমূলৰ ভাষা কোৱা ক'কেছীয় জনগোষ্ঠীৰ বিষয়ে লিখা।

উত্তৰ:-   সম্ভৱতঃ মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহাৰ পিছত সিন্ধু-আৰ্য্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলতঃ ক'কেছীয় জনগোষ্ঠীৰ লোক। প্ৰথমতে, স্থানীয় ৰজা বা শাসনকৰ্তাসকলৰ পৃষ্ঠপোষকতাত এই লোকসকল অসমলৈ আহিছিল যদিও পৰৱৰ্তীকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ অৰ্থনৈতিক সম্পদৰাজিৰ দ্বাৰা আকৰ্ষিত হৈ অসমলৈ আহিবলৈ ধৰে আৰু এই প্ৰব্ৰজন বৰ্তমান সময়তো অব্যাহত আছে। অসমত বৰ্তমান বাস কৰা সৰহ সংখ্যক অজনজাতীয় লোকেই ক'কেছীয় জনগোষ্ঠীৰ। ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই জনগোষ্ঠীৰ অন্তৰ্গত। অসমৰ হিন্দু জনসংখ্যাৰে এক বৃহৎ অংশক এই জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰে। এওঁলোকে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি অসমত বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰে।

২৯/ অসমৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ ভিতৰত মুছলমান সকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:-   প্ৰায় ১৩ শতিকাৰ আৰম্ভণিতে সিন্ধু-আৰ্য্যমূলৰ ইছলাম ধৰ্মাৱলম্বী এদল লোক (সৈন্য) কুটুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলীজিৰ নেতৃত্বত তিব্বতলৈ বুলি অগ্ৰসৰ হোৱাৰ পথত পোন প্ৰথমে অসমত প্ৰৱেশ কৰে। ইয়াৰ পিছত বিভিন্ন সময়ত উত্তৰ ভাৰতৰ মোগল সম্ৰাটসকলৰ পৃষ্ঠপোষকতাত অসম আক্ৰমণ কৰিবলৈ অহা মুছলমান সৈন্যসকলৰ লগতে ভিন্ন কাৰিকৰী দক্ষতাৰ লোকসকল বন্দীৰূপে বা স্থানীয় লোকৰ প্ৰয়োজনত অসমত থাকি যায়। পিছলৈ এই ইছলাম ধৰ্মী লোকসকলে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত মুছলমান সম্প্ৰদায়ৰ সমাজ আৰু সংস্কৃতি গঢ়ি তোলে। সম্প্ৰতি অসমৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ ভিতৰত মুছলমানসকল অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠীৰূপে চিহ্নিত হৈছে।

৩০/ অসমত বসবাস কৰা কোঁচ-ৰাজবংশীসকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:-   কোঁচ-ৰাজবংশীসকল অসমৰ আন এটি উল্লেখযোগ্য জনগোষ্ঠী। কোঁচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোঁচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ পৰাক্ৰমী নেতৃত্বত কোঁচসকলে নামনি অসমৰ পৰা উজনি অসম পৰ্যন্ত সাম্ৰাজ্য বিস্তাৰ কৰে। ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোঁচবিহাৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা সুদীৰ্ঘ 'গোহাঁই কমল' নামৰ অলিটোৱে কোঁচ ৰাজত্বৰ কথা আজিও সোঁৱৰাই দিয়ে। অসমৰ সমাজ-সংস্কৃতি আৰু ধৰ্মীয় ক্ষেত্ৰখনলৈ কোঁচসকলৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। বৰ্তমান কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকল ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, বৰপেটা, চিৰাং, কামৰূপ, মৰিগাঁও, লখিমপুৰ, বাক্সা, দৰং, ওদালগুৰি, কামৰূপ (মেট্ৰ'), শোণিতপুৰ, নগাঁও, গোলাঘাট জিলাত প্ৰধানকৈ বসবাস কৰি আছে।

Post a Comment

Previous Post Next Post