দুৰ্গা পূজা

  
Durga Puja


শৰৎ কাল আহিলেই যেন আমাক শাৰদীয় দুৰ্গোৎসৱৰ বতৰা দিয়ে। আহিন মাহৰ শেৱালিৰ আমোলমোল গোন্ধই শৰৎ কালত এক সুকীয়া মাদকতা অনুভৱ কৰায়। নদীৰ চাপৰি আৰু বালিচৰত ফুলা শুভ্ৰ কঁহুৱা ফুলেও শৰতৰ আগমনৰ বতৰা দিয়ে। দুৰ্গা পূজা আহি পালেহি মানেই আমাৰ মনবোৰত এক সুকীয়া আনন্দৰ সৃষ্টি হয়। পূজা চোৱা, মেলাত শিশুসকলৰ প্ৰিয় সামগ্ৰী কিনা আদিৰ যি আনন্দ অনুভৱ হয়, সেয়া হয়তো লিখি বুজাব নোৱাৰি।

দুৰ্গা পূজাৰ দেৱী বন্দনাৰ লগতে ঢাকৰ শব্দই পূজাৰ সৌন্দৰ্য যেন দুগুণে চৰাই তোলে। শাৰদীয় দুৰ্গা পূজাৰ বাবে আমি সকলোৱে আগ্ৰহেৰে ৰৈ থাকোঁ। বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে পূজা চোৱা, মেলাত মন পছন্দৰ সামগ্ৰী কিনা, জিলাপী-মিঠাই খোৱা আদি সকলোবোৰেই যেন দুৰ্গা পূজাৰ আনন্দ প্ৰদান কৰে। দুৰ্গা পূজা কেৱল এক ধৰ্মীয় উৎসৱেই নহয়, ই সমাজৰ বিভিন্ন স্তৰৰ লোকক একত্ৰিত কৰি সামাজিক একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

দুৰ্গা পূজাৰ ইতিহাস আৰু প্ৰাচীন পৰম্পৰা:-


দুৰ্গা পূজাৰ উৎপত্তি সম্পৰ্কে ৰামায়ণ আৰু পুৰাণৰ আখ্যান অনুসৰি, শাৰদীয় দুৰ্গা পূজা মূলতঃ ভগৱান ৰামৰ ‘অকালবোধন’ৰ কাহিনীৰ সৈতে জড়িত। ত্ৰেতা যুগত ৰাৱণক পৰাস্ত কৰিবলৈ দেৱীৰ আশীৰ্বাদ বিচাৰি ভগৱান ৰামে শৰৎ কালত এই দুৰ্গা পূজা আৰম্ভ কৰিছিল। ৰাৱণক বধ কৰিবলৈ ভগৱান ৰামে শৰৎ কালত নিদ্ৰামগ্ন দেৱীক জগাই এই পূজা আৰম্ভ কৰিছিল। সেইবাবেই ইয়াক ‘অকালবোধন’ বুলি কোৱা হয়।

দক্ষিণায়ন হৈছে দেৱতাসকলৰ ৰাতি। এই সময়ছোৱা দেৱতাসকলৰ নিদ্ৰাৰ সময় বুলি গণ্য কৰা হয়। সেইবাবে নিদ্ৰামগ্ন দেৱীক জগাই শৰৎ কালত দুৰ্গা পূজা আৰম্ভ কৰা হৈছিল বুলি ধৰ্মীয় আখ্যানত উল্লেখ আছে।

দুৰ্গা পূজা মূলতঃ দেৱী দুৰ্গাক কেন্দ্ৰ কৰিয়েই পালন কৰা হয়। ইয়াৰ লগতে পূজাৰ মণ্ডপত দেৱী দুৰ্গাৰ লগত আন দেৱ-দেৱীকো একেলগে ৰাখি পূজা কৰা হয়। তেওঁলোক হ’ল -

১। দেৱী লক্ষ্মী
২। দেৱী সৰস্বতী
৩। ভগৱান গণেশ
৪। ভগৱান কাৰ্তিক
৫। সিংহ
৬। মহিষাসুৰ

অসমত দুৰ্গা পূজাৰ ঐতিহ্য:-


অসমত দুৰ্গা পূজা বা দেৱী উপাসনা কেৱল বৰ্তমান যুগৰে নহয়, ইয়াৰ এক প্ৰাচীন ইতিহাস আছে। ইতিহাসবিদ আৰু প্ৰত্নতত্ত্ববিদসকলে অসমৰ বিভিন্ন স্থানত খনন কাৰ্য চলাই নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মিত শিৱ-পাৰ্বতী, দহভুজা দুৰ্গা আৰু বহুতো পুৰণি মূৰ্তি বা ভাস্কৰ্য আৱিষ্কাৰ কৰিছে।

নৱমৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মিত শিৱ-পাৰ্বতী আৰু দহভুজা দুৰ্গাৰ ভাস্কৰ্যই প্ৰমাণ কৰে যে আজিৰ পৰা শ শ বছৰ আগতেও অসমৰ ভূমিত দেৱী শক্তিৰ উপাসনা বা দুৰ্গা পূজাৰ ধাৰা চলি আহিছিল।

কালিকা পুৰাণ অনুসৰি, কামাখ্যা ধামক দেৱী উপাসনাৰ এক সৰ্বোচ্চ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ই অসমত শক্তি উপাসনাৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিচিত।

ঐতিহাসিক তথ্য অনুসৰি, ১৬১৪ খ্ৰীষ্টাব্দত দৰঙৰ ৰজা বলিনাৰায়ণে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল। এই দুৰ্গা পূজাৰ ইতিহাস ৪০০ বছৰতকৈও পুৰণি।

আহোম যুগত নিৰ্মিত শিৱসাগৰৰ দেৱীদ’লৰো পূজাৰ এক গৌৰৱময় ইতিহাস আছে, যি প্ৰায় তিনি শতিকা জুৰি চলি আহিছে। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকা (মদাম্বিকা) কুঁৱৰীয়ে এই দেৱীদ’ল নিৰ্মাণ কৰাইছিল। সেই দেৱীদ’লৰ পূজা আজিও জাগ্ৰত বুলি বিশ্বাস কৰা হয়।

আজিৰ দিনত দুৰ্গা পূজা কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজতে আৱদ্ধ নাথাকি এক সাৰ্বজনীন উৎসৱলৈ ৰূপান্তৰিত হৈছে। ই অসমৰ চহকী শিল্প আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে পৰ্যটকৰ আগমনৰ ফলত ব্যৱসায়-বাণিজ্য, মেলা আদি ক্ষেত্ৰতো অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ ফলত স্থানীয় লোকসকল স্বাৱলম্বী হোৱাৰো সুযোগ লাভ কৰিছে।


২০২৬ বৰ্ষৰ দুৰ্গা পূজাৰ দিন-বাৰসমূহ তলত উল্লেখ কৰা হ'ল:-

অসমীয়া তাৰিখ ইংৰাজী তাৰিখ আৰু বাৰ (২০২৬) দুৰ্গা পূজাৰ দিন / অনুষ্ঠান
আহিনৰ ২২ তাৰিখ ১০ অক্টোবৰ, শনিবাৰ মহালয়া
আহিনৰ ২৩ তাৰিখ ১১ অক্টোবৰ, দেওবাৰ নৱৰাত্ৰী আৰম্ভ
আহিনৰ ২৮ তাৰিখ ১৬ অক্টোবৰ, শুক্ৰবাৰ মহাষষ্ঠী
আহিনৰ ২৯ তাৰিখ ১৭ অক্টোবৰ, শনিবাৰ মহাসপ্তমী
আহিনৰ ৩০ তাৰিখ ১৮ অক্টোবৰ, দেওবাৰ মহাসপ্তমী
কাতিৰ ১ তাৰিখ ১৯ অক্টোবৰ, সোমবাৰ মহাষ্টমী
কাতিৰ ২ তাৰিখ ২০ অক্টোবৰ, মঙলবাৰ মহানৱমী / নৱৰাত্ৰী সমাপ্ত
কাতিৰ ৩ তাৰিখ ২১ অক্টোবৰ, বুধবাৰ বিজয়া দশমী
 



দুৰ্গা দেৱীৰ আগমন আৰু গমন ২০২৬
দুৰ্গা দেৱীৰ আগমন ঘোঁৰাত
দুৰ্গা দেৱীৰ গমন নাৱত

ফটো গেলেৰী

2026 (ফটো- ডেভিড)

2026 (ফটো - ডেভিড)

2026 (ফটো - ডেভিড)



Sivasagar Durga Puja 2026 Assam
শিৱসাগৰৰ এখন দুৰ্গা পূজা ২০২৬


Goddess Durga idol inside the historic Sivasagar Devi Dol during Durga Puja 2026
শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত ২০২৬ চনৰ দুৰ্গা পূজাৰ মহা অষ্টমীৰ দৃশ্য



Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
★ ★ ★ ★ ★
Loading rating...